ছালৰ ক’লা দাগ আঁতৰোৱাৰ সহজ পদ্ধতি

1 min read

আমাৰ সমাজত এনে কিছুমান লোক আছে, যিসকলে সৌন্দৰ্য চৰ্চাক অধিক গুৰুত্ব দিয়ে৷ তেওঁলোকৰ মতে শৰীৰ সুস্থ ৰখাৰ লগতে দেহৰ ছালৰো যতন লোৱা উচিত৷ মসৃণ ছালে মানুহৰ সৌন্দৰ্যও বৃদ্ধি কৰে৷ কিন্তু দৈনন্দিন কামৰ হেঁচাত বহুতৰ বাবে ছালৰ যতন লোৱাটো সম্ভৱ নহয়৷ তদুপৰি প্ৰদূষণ তথা ধূলি-বালিৰ বাবে বহুতৰে ছালৰ বিভিন্ন অংশত ক’লা দাগ পৰা দেখা যায়৷ ছালৰ ক’লা দাগ আঁতৰাবলৈ বিভিন্নজনে নামী-দামী ক্ৰীম ব্যৱহাৰ কৰে৷ কিন্তু বহুমূলীয়া এই ক্ৰীম ব্যৱহাৰ কৰাৰ পিছেতা বহুতে ছালৰ দাগ আঁতৰাবলৈ সক্ষম নহয়৷ এনে অৱস্থাত ঘৰুৱা পদ্ধতিৰে ছালৰ ক’লা দাগ আঁতৰোৱাৰ চেষ্টা কৰিব পাৰে৷

[১] এটা পাত্ৰত অলপ পানী গৰম কৰি লওক৷ গৰম পানীখিনিত পাতিনেমুৰ ৰস মিহলাওক৷ শৰীৰৰ যি অংশত ক’লা দাগ পৰিছে সেই অংশ ধুই লৈ পাতিনেমুৰ ৰস আৰু পানীৰ মিশ্ৰণখিনি ভালদৰে ঘঁহক৷ দেখিব লাহে লাহে ছালৰ ক’লা দাগ নাইকিয়া হ’বলৈ ধৰিছে৷

[২] মচুৰ দাইলৰ পেষ্ট অলপ তৈয়াৰ কৰি লওক৷ এই পেষ্টখিনি তিনি চামুচ বিলাহীৰ ৰস আৰু একে পৰিমাণৰ এল’ভেৰাৰ ৰসৰ সৈতে মিহলাওক৷ মিশ্ৰণখিনি ছালৰ যি অংশত ক’লা দাগ আছে সেই অংশত ভালদৰে লগাওক৷ কিছু সময়ৰ পিছত ঠাণ্ডা পানীৰে ছালৰ ক’লা দাগৰ অংশ ধুই পেলাওক৷ দেখিব ক’লা দাগ নাইকিয়া হৈ পৰিছে৷

You May Also Like

More From Author