ওজন বৃদ্ধিৰ ভয়ত আলু নোখোৱাকৈ নাথাকিব

1 min read

আলু খোৱাৰ বাবে দেহৰ ওজন বৃদ্ধি পায় বুলি প্ৰায়ভাগ লোকৰে ধাৰণা৷ কিন্তু প্ৰকৃততে এই ধাৰণা কিমান শুদ্ধ৷ বিশেষজ্ঞসকলৰ মতে আলু হৈছে এবিধ সুষম আৰু পুষ্টিকৰ খাদ্য৷ ভাতৰ দৰেই আলুতো থাকে ফাইবাৰ, খনিজ পদাৰ্থ, ভিটামিন আৰু প্ৰটিন৷ ভাতৰ তুলনাত আলুত শৰ্কৰাৰ পৰিমাণ কম থাকিলেও ইয়াত অন্যান্য উপাদান অধিক৷ দেহৰ বাবে প্ৰয়োজনীয় পুষ্টি গুণ বেছি থকাৰ বাবে আলু এবিধ সুষম খাদ্য হিচাপে পৰিচিত৷ খাদ্য বিশেষজ্ঞৰ মতে প্ৰতি এশ গ্ৰাম আলুত থাকে ১৯ গ্ৰাম শৰ্কৰা, ০.০২ গ্ৰাম ভিটামিন, ২.২ গ্ৰাম ফাইবাৰ, ০.৫২ গ্ৰাম খনিজ লবন, ০.৪২ গ্ৰাম পটাচিয়াম, ২ গ্ৰাম উদ্ভিজ প্ৰটিন৷ ইয়াৰ বিপৰীতে ১০০ গ্ৰাম চাউলত থাকে ৮০ গ্ৰাম শৰ্কৰা, ০.০০২ গ্ৰাম ভিটামিন, ১.৩ গ্ৰাম ফাইবাৰ, ০.২৮ গ্ৰাম খনিজ লবন আৰু ৭.১৩ গ্ৰাম উদ্ভিজ প্ৰটিন৷ সেয়ে খাদ্য বিশেষজ্ঞ বা পুষ্টিবিদসকলৰ মতে আলুত থকা কাৰ্বহাইড্ৰেড বা শ্বেতসাৰে তেজত শৰ্কৰাৰ মাত্ৰা দ্ৰুত হাৰত বৃদ্ধি কৰে৷ তদুপৰি ১০০ গ্ৰাম আলুত থাকে প্ৰচুৰ পৰিমাণৰ কেল’ৰি৷ অৱশ্যে, ‘পটেটো চিপছ’ বা ‘পটেটো ফ্ৰেন্স ফ্ৰাই’ৰ সৈতে আলুৰ তুলনা কৰিব নোৱাৰি৷ কাৰণ, সেই দুবিধ খাদ্যত আলুৰ সৈতে থাকে প্ৰচুৰ পৰিমাণৰ তেল৷ সেয়ে এনে খাদ্যই দেহত ক’লেষ্টৰেলৰ মাত্ৰা বৃদ্ধি কৰে৷ কিন্তু সিজাই লোৱা আলু বা ব্যঞ্জনৰ সৈতে ব্যৱহাৰ কৰা আলুত পুষ্টিগুণ সমানে থাকে৷ গতিকে ওজন বৃদ্ধি হোৱা বুলি ভয় খাই খাদ্যৰ তালিকাৰ পৰা আলু পৰিহাৰ কৰাটো কোনোপধ্যেই যুক্তিসংগত নহয় বুলি খাদ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে৷ একেদৰে আলুৱে ৰোগ প্ৰতিৰোগ ক্ষমতা বৃদ্ধি কৰে৷ আলুত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবে ই হজম শক্তি বঢ়ায় আৰু বৃক্ক নিৰাপদ কৰি ৰাখে৷ তদুপৰি আলুত থাকে ভিটামিন বি-কমপ্লেক্স, চি, মেগনেচিয়াম, পটাচিয়াম, জিংক, ফছফ্‌ৰাছ ইত্যাদি৷ যিসমূহ উপাদান শৰীৰৰ বাবে খুবেই দৰকাৰী সেয়ে খাদ্যৰ তালিকাৰ পৰা আলু পৰিহাৰ নকৰিব৷ অৱশ্যে, উচ্ছ ৰক্তচাপত ভোগাসকলে আলু নোখোৱাই ভাল৷

You May Also Like

More From Author