সন্তানৰ দাঁতৰ যতন কেনেদৰে ল’ব

1 min read

আমাৰ শৰীৰটোৰ গুৰুত্বপূর্ণ অংগসমূহৰ ভিতৰত দাঁত দুপাৰিও অন্যতম৷ এজন লোকৰ শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্য গঠনত দাঁত দুপাৰিৰ ভূমিকা অপৰিসীম৷ দাঁতৰ মুখ্য কাম যদিও খাদ্যবস্তু ভালদৰে চোবাই গুডি কৰি খাই হজম কৰা বা পাচন ক্রিয়াত সহায় কৰা, মুখৰ সৌন্দর্য বর্ধন আৰু শব্দৰ স্পষ্ট–সঠিক উচ্চাৰণ কৰাতো দাঁত দুপাৰিৰ ভূমিকা অতীব প্রয়োজনীয়৷ সেয়েহে এনে এটি গুৰুত্বপূর্ণ অংগক শিশু অৱস্থাৰ পৰাই নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰখাৰ বাবে অভিভাৱকসকল বিশেষভাৱে সচেতন হ’ব লাগিব৷

মানুহৰ মুখগহ্বৰত সাধাৰণতে দুই প্রকাৰৰ দন্তবিন্যাস– যিটো জন্মৰ ৬–৭ মাহৰ পিছৰ পৰা গজা আৰম্ভ হৈ আঢ়ৈ–তিনি বছৰত সম্পূর্ণ হয়, তাক প্রাথমিক বা অস্থায়ী দন্তবিন্যাস বোলা হয়৷ অস্থায়ী দন্তবিন্যাসক ‘গাখীৰ খোৱা দাঁত’ বা মিল্ক টীথ বুলিও কোৱা হয়৷ প্রাথমিক বা অস্থায়ী দন্তবিন্যাসত তলে–ওপৰে দুয়োপাৰি হনুত ১০টা ১০টাকৈ ২০টা দাঁত থাকে৷ একোপাৰিত চাৰিটা ছেদক, দুটা কৃন্তক আৰু চাৰিটা পেষক দাঁত থাকে৷ এই দাঁতবোৰ মুখগহ্বৰত ১১–১২ বছৰ বয়সলৈকে থাকে যদিও ৬–৭ বছৰৰ পৰা প্রাথমিক দাঁতবোৰ সৰিবলৈ আৰম্ভ কৰে৷ প্রাথমিক বা অস্থায়ী দাঁতবোৰ সৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সেইবোৰৰ স্থান অধিকাৰ কৰে দ্বিতীয় প্রকাৰৰ দন্তবিন্যাসে৷ ইয়াক স্থায়ী দন্তবিন্যাস বোলা হয়৷ স্থায়ী দাঁতবোৰ ৬–৭ বছৰৰ পৰা গজা আৰম্ভ হয় আৰু ১৬–১৭ বছৰত গজা সম্পূর্ণ হয়৷ অৱশ্যে অন্তিম পেষক দাঁতটো Last Molar), যাক জ্ঞানদদাত Wisdom Tooth) বুলিও কোৱা হয়, কেতিয়াবা ২৫–৩০ বছৰৰ পিছতো গজা দেখা যায়৷ স্থায়ী দন্তবিন্যাসত তলে–ওপৰে দুয়োপাৰি হনুত ১৬টা ১৬টাকৈ মুঠতে ৩২টা দাঁত থাকে৷ স্থায়ী দন্তবিন্যাসত একোপাৰিত চাৰিটা ছেদক, দুটা কৃন্তক, চাৰিটা পুৰুঃপেষক আৰু ছটা পেষক দাঁত থাকে৷
এই দুই প্রকাৰৰ দন্তবিন্যাস সাধাৰণতে মানুহৰ মুখত দেখা পোৱা যায় যদিও কেতিয়াবা জন্মতে শিশুৰ মুখগহ্বৰত এটা বা দুটা দাঁত গজি অহা দেখা যায়৷ এনে দাঁতক ‘নাটাল টুথ’ বুলি কোৱা হয়৷ আকৌ কেতিয়াবা কিছুমান শিশুৰ জন্মৰ ২৮ দিনৰ পৰা এমাহৰ ভিতৰতে দাঁত গজা দেখা যায়, এনেবোৰ দাঁতক ‘নিয়’নাটাল টুথ’ বোলা হয়৷ দাঁতসদৃশ কলাৰে গঠিত এই অকণমানি দাঁতবোৰ প্রকৃততে দাঁত নহয়, আৰু এইবোৰ দাঁতৰ মাৰি বা আলুত কোনোমতেহে লাগি থাকে, এনে দাঁতৰ পৰা শিশুটিৰ একো অপকাৰ নহয় যদিও মাকে কেঁচুৱাক গাখীৰ খুওৱাত অসুবিধা পায়৷
এনেবোৰ দাঁত মাৰিত ঢ়িলাকৈ লাগি থকাৰ ফলত গাখীৰ চুহোঁতে কেতিয়াবা সৰি গৈ পেটলৈ যাব পাৰে বা শ্বাসযন্ত্রলৈ গৈ উশাহ–নিশাহ লোৱাত বাধা জন্মাব পাৰে৷ কেঁচুৱাৰ মুখত এনে দাঁত থাকিলে দন্ত চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷ প্রয়োজনীয় ঔষধ প্রয়োগ কৰি সময় অনুযায়ী ডাক্তৰে দাঁতটো এৰুৱাই বা সৰোৱাই দিয়ে৷ ইয়াত ভয় বা চিন্তা কৰিবলগীয়া একো কাৰণ নাই৷
যদিও জন্মৰ ৬–৭ মাহৰ পৰা শিশুৰ প্রাথমিক দাঁত গজা আৰম্ভ হয়, কিন্তু কেতিয়াবা শিশুৰ দৈহিক গঠন, সময়, অৱস্থা আৰু খাদ্যাভ্যাস ভেদে এই সময়ৰ তাৰতম্য ঘটা দেখা যায়৷ কেতিয়াবা কিছুমান শিশুৰ দাঁত সোনকালে, মানে জন্মৰ ছমাহ পূৰ হোৱাৰ আগতেই গজে, ইয়াক আর্লী ইৰাপ্ঢছন Early Eruption) বোলা হয় আকৌ কেতিয়াবা কিছুমান শিশুৰ দদাত জন্মৰ পৰা এবছৰ, ডেৰ বছৰ পাৰ হৈ যোৱাৰ পিছতহে গজে, ইয়াক ডিলেইড ইৰাপ্ঢছন Delayed Eruption) বোলা হয়৷ সোনকালে মুখত দাঁত গজা বা দেৰিকৈ দাঁত গজা প্রক্রিয়াটো খুব বেছি চিন্তা কৰিবলগীয়া বিষয় নহয়, যদিহে শিশুটিৰ সাধাৰণ স্বাস্থ্য অটুট থাকে৷ কিছুমান শিশুৰ আকৌ মুখত দাঁতই নগজে বা গজিলেও সংখ্যাত কম থাকে, ইয়াক এন’ডন্সিয়া বোলা হয়৷ সেইদৰে শিশুৰ ৰ আকাৰ, প্রকাৰৰো তাৰতম্য ঘটিব পাৰে৷ কিছুমান শিশুৰ দদাত গজাৰ সময়ত দাঁতৰ মাৰিবোৰ ৰঙা পৰি ফুলি উঠে৷ গজিবলৈ ধৰা টোৰ আভ্যন্তৰীণ হেঁচাৰ হেতুকে দাঁতৰ মাৰিবোৰ কুটকুটায়৷ তেতিয়া শিশুটিয়ে যিহকে–তিহকে মুখলৈ নিয়ে আৰু কামুৰিবলৈ ধৰে৷ ইয়াৰ কাৰণে সংক্রমণ ঘটাৰ প্রৱণতা দেখা যায়৷ এনে অৱস্থাত সংক্রমণ ঘটিলে শিশুৰ মুখৰ পৰা লেলাউটি ওলাই থাকে, পেটৰ অসুখ হয় আৰু কেতিয়াবা বিষ–জ্বৰ উঠাও দেখা যায়৷ দাঁত গজাৰ সময়ত এনেকুৱা অৱস্থা হ’লে ইয়াক ‘টীথিং’ বোলা হয়৷ এই সময়ছোৱাত মাক–দেউতাক তথা পৰিয়ালৰ সদস্যসকল যথেষ্ট সচেতন হ’ব লাগে৷ শিশুটিয়ে যাতে যিহকে–তিহকে মুখলৈ নিব নোৱাৰে, তাৰ বাবে সাৱধান হ’ব লাগে আৰু পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি ধ্যান দিব লাগে৷
দাঁতৰ আকাৰ আৰু গঠনৰ কাৰণে শিশুৰ দাঁত অতি সোনকালে দন্তক্ষয় ৰোগৰ দ্বাৰা আক্রান্ত হয়৷ বিশেষকৈ গাখীৰ খাই থকা শিশুৰ ‘নার্ছিং’ বটল কেৰিজ আৰু ৰেমপাণ্ট কেৰিজ’ বোলা দ্রুতগতিত বঢ়া একপ্রকাৰৰ দন্তক্ষয় ৰোগৰ দ্বাৰা আক্রান্ত হোৱা দেখা যায়৷ এই দন্তক্ষয় ৰোগৰ দ্বাৰা আক্রান্ত হ’লে গাখীৰ খোৱা দদাতবোৰ অতি কম দিনৰ ভিতৰতে ক’লা পৰি ক্ষয় হৈ নাইকিয়া হৈ পৰে মাথোঁ দাঁতৰ গুৰিটোহে দাঁতৰ আলুত সোমাই যায়৷ দিন যোৱাৰ লগে লগে এনেদৰে দাঁত মাৰিত সোমাই ৰোৱা দাঁতৰ গুৰিবোৰ কেতিয়াবা আলু ফালি বাহিৰ হৈ ওলাই আহে৷ বহুতো অভিভাৱকে এনেকুৱা আলু ফালি ওলাই অহা দাঁতৰ শিপাক নতুন দাঁত বুলি ভুল কৰে৷ এনে দাঁতৰ শিপাই আলু বা মাৰি কাটি ঘাৰ সৃষ্টি কৰিব পাৰে৷ এনে অৱস্থাত দন্ত চিকিৎসকৰ পৰামর্শ লৈ ৰৈ যোৱা গুৰিটো উঠাই পেলাব লাগে৷
বেৰীয়া বা বেঁকা–বেঁকি দদাত শিশুৰ ক্ষেত্রত আৰু এটি প্রধান সমস্যা৷ বহুতো কাৰণত দাঁত উচলা বা বেৰীয়া হয়৷ যেনে– বংশগতভাৱে যদি মাক–দেউতাকৰ দাঁত উচলা বা বেৰীয়া হয় তেন্তে সন্তানৰো দাঁত অসমান হ’ব পাৰে৷ দদাতৰ আকাৰ আৰু মুখৰ হনুৰ হাড়ৰ অসামঞ্জস্যতা থাকিলে স্থায়ী দাঁতবোৰ বেঁকা–বেঁকি হ’ব পাৰে৷ কিছুমান বদ্ অভ্যাস, যেনে– আঙুলি চোহা, ওঁঠ কামুৰি থকা, জিভা চুহি থকা, পেন–পেঞ্চিল বা নখ কামুৰি থকা বা জন্মগত অসুবিধাবশতঃ নাকৰ পৰিৱর্তে মুখেৰে উশাহ–নিশাহ লোৱাৰ ফলতো দাঁত উচলা বা বেৰীয়া হ’ব পাৰে৷ গাখীৰ খোৱা দাঁতবোৰ নির্দিষ্ট সময়ৰ আগতে বা পিছত সৰিলেও স্থায়ী দদাতবোৰ অসমান হ’ব পাৰে৷ কেতিয়াবা কিছুমান জন্মগত দোষ, যেনে– ফটা ওঁঠ বা তালুৰ কাৰণেও বা দুর্ঘটনাজনিত কাৰণতো দাঁত বেঁকা–বেঁকি হ’ব পাৰে৷ এনে ক্ষেত্রত চিকিৎসকৰ পৰামর্শ বাঞ্ছনীয়৷
কেতিয়াবা কিছুমান আভ্যন্তৰীণ কাৰণৰ বাবে শিশুৰ দাঁতৰ বৰণ সলনি হোৱা দেখা যায়৷ জন্মগত দোষৰ বাবে বিকাশৰ খেলিমেলি হ’লে বা অধিক মাত্রাত ফ্ল’ৰাইড গ্রহণ কৰাৰ ফলত হোৱা ফ্লৰ’ছিছ ৰোগত, গর্ভৱতী মাতৃয়ে গর্ভস্থ সন্তানৰ দাঁত গঠন হোৱাৰ সময়ত কিবা কাৰণত টেড্রাচাইক্লিন নামৰ ঔষধ সেৱন কৰিব লগা হ’লে বা শিশু অৱস্থাত দৈহিক বিকাশৰ সময়ত যদি টেড্রাচাইক্লিন ঔষধ গ্রহণ কৰিব লগা হয়, পিছলৈ স্থায়ী দাঁতবোৰ হালধীয়া–মুগা বৰণৰ ৰং ধৰা দেখা যায়৷ কেলচিয়াম কম–বেছি হ’লেও বগা বগা স্বচ্ছ দাগ পৰা দেখা যায়৷ এনেক্ষেত্রত চিকিৎসকৰ পৰামর্শ ল’লে সুফল পোৱা যায়৷

শিশুৰ দাঁতৰ যতন
পৰিষ্কাৰ–পৰিচ্ছন্ন স্বাস্থ্য ৰক্ষাৰ প্রধান কাৰক৷ অভিভাৱকসকলে শিশু অৱস্থাতে ল’ৰা–ছোৱালীৰ দাঁতৰ চাফ–চিকুণতাৰ প্রতি সজাগ মনোভাব গঢ় দি তুলিব পাৰে৷ শিশুটিৰ দদাত গজিবলৈ আৰম্ভ কৰাৰ লগে লগেই কোমল কাপোৰেৰে দাঁত চাফা কৰি দিয়াৰ অভ্যাস কৰিব লাগে৷ শিশুটিৰ এবছৰ বয়স হ’লে কোমল বেবী টুথব্রাছৰ সহায়ত দাঁত চাফা কৰি দিব লাগে৷ তিনি–চাৰি বছৰমান বয়সৰ পৰা শিশুটিক নিজেই দদাত ব্রাছ কৰিবলৈ শিকাব লাগে৷ শিশুটিয়ে প্রথম অৱস্থাত দাঁত ব্রাছ কৰাৰ সঠিক নিয়ম–প্রণালী নাজানিব পাৰে, এনেক্ষেত্রত অভিভাৱকে মনোযোগ দিব লাগে৷ ৰাতি আহাৰ খোৱাৰ পিছত দাঁত ব্রাছ কৰি শুবলৈ যোৱাৰ অভ্যাস শিকোৱাটো মাক–দেউতাকৰ কর্তব্য৷ কাৰণ সন্তানে সদায়ে মাক–দেউতাকৰ আচাৰ–ব্যৱহাৰ, চাল–চলন, কথা–বতৰা, অভ্যাস আদি অনুসৰণ কৰে৷ ইয়াৰ উপৰি শিশু অৱস্থাত সন্তানক শোৱাই থোৱাৰ সময়ত নাইবা মাজৰাতি সাৰ পালে শিশুটিৰ মুখত গাখীৰ বটল গুঁজি দিয়া বা স্তনপান কৰোৱাৰ অভ্যাস মাতৃসকলে ত্যাগ কৰিব লাগে৷ মিঠা বস্তু খোৱাৰ পিছত শিশুটিক অলপ পানী খাবলৈ দিয়া উচিত৷
শিশুটিৰ খাদ্য তালিকাত দাঁতৰ বাবে প্রয়োজনীয় খাদ্য, যেনে– কেলচিয়াম, ফছফৰাছ, ভিটামিন ‘এ’, ‘ডি’ আৰু ‘চি’যুক্ত খাদ্য যেনে– ফলমূল, সেউজীয়া শাক–পাচলি, কণী, মাছ, মাংস, গাখীৰ আদি অন্তর্ভুক্ত কৰিব লাগে৷ চেনিযুক্ত আঠালেতীয়া খাদ্য, যেনে– চকলেট, মর্টন, টফী, আইচক্রীম, মিঠাই আৰু শীতল পানীয় আদি শিশুক পৰাপক্ষত নিদিয়াই ভাল আৰু দিলেও কম পৰিমাণে দিব লাগে৷ সৰু ল’ৰা–ছোৱালীয়ে চকলেট, মর্টন, টফী, মিঠাই আদি খাবই, ইয়াক বাধা দি ৰাখিব নোৱাৰি কেৱল মাক–দেউতাক এইক্ষেত্রত সাৱধান হ’ব লাগে যাতে যেতিয়াই–তেতিয়াই চকলেট–মর্টন বা মিঠা বস্তু খোৱাটো সন্তানৰ অভ্যাসত পৰিণত নহয়৷ আৰু এনেধৰণৰ মিঠা খাদ্য খোৱাৰ পিছত সন্তানে যাতে ভালদৰে মুখখন কুলকুলি কৰি পৰিষ্কাৰ কৰে৷
পিতৃ–মাতৃয়ে সময়ে সময়ে সন্তানৰ দদাতবোৰ নিৰীক্ষণ কৰি থাকিব লাগে৷ শিশুটিৰ দদাতৰ কিবা সমস্যা হ’লে লগে লগে দন্ত চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷ সময়ত পৰামর্শ ল’লে বহু ক্ষেত্রত প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিব পৰা যায়৷ এইখিনিতে আৰু এটা দিশ লক্ষণীয় যে বহুতো অভিভাৱকে দন্ত চিকিৎসা আৰু দন্ত চিকিৎসকৰ প্রতি শিশুৰ মনত এটা ঋণাত্মক ধাৰণাৰ জন্ম বা গঢ় দিয়ে৷ উৎপতীয়া বা দুষ্টালি কৰা শিশুটিক প্রায়ে অভিভাৱকে কোৱা শুনা যায় যে ‘ডাক্তৰে তোৰ মুখত বেজী দিব, তোৰ দদাত উঠাই দিব, তোৰ ওঁঠ চিলাই দিব’ ইত্যাদি৷ এনেধৰণৰ কথাই শিশুৰ কোমল মনত দকৈ সাঁচ বহুৱায় আৰু দন্ত চিকিৎসাৰ প্রতি বিৰূপ মনোভাবৰ সৃষ্টি কৰে৷
শিশু অৱস্থাৰ পৰাই এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ ঘটিবলৈ আৰম্ভ কৰে৷ এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু চাৰিত্রিক গঠনত ধনাত্মক আৰু ঋণাত্মক দিশবোৰ শিশু অৱস্থাতে আৰম্ভ হয়৷ গতিকে এইক্ষেত্রত পিতৃ–মাতৃ বা অভিভাৱক যথেষ্ট সচেতন হ’ব লাগে৷ শিশু অৱস্থাত দেখা দিয়া বদ্ অভ্যাসবোৰ, যেনে– আঙুলি চোহা, নখ কামোৰা, পেন–পেঞ্চিল কামুৰি থকা স্বভাৱবোৰে পৰোক্ষভাৱে দদাত–মুখৰ ৰোগ সৃষ্টি কৰে আৰু শিশুৰ ব্যক্তিত্ব গঠনত ঋণাত্মক প্রভাৱ পেলায়৷ সন্তানক মৰম–আদৰেৰে সৰুৰে পৰাই (বিশেষকৈ ৬ বছৰৰ পিছৰ পৰা) এই বদ্ অভ্যাসবোৰ আঁতৰাবলৈ আৰু মুখগহ্বৰ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰাখিবলৈ শিকোৱাটো মাক–দেউতাকৰ কর্তব্য৷ কিয়নো অভিভাৱকৰ অকণমান সচেতনতা আৰু অলপমান যতনে শিশুটিৰ দদাত দুপাৰি সুস্থ–সবল কৰি ৰাখি এটি সুন্দৰ ব্যক্তিত্ব গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগায়৷

You May Also Like

More From Author