সন্তানক কোন স্কুলত নামভৰ্তি কৰাব? এই দিশবোৰ চাই ল’বলৈ নাপাহৰিব

সন্তানক কোন স্কুলত নামভৰ্তি কৰাব? এই দিশবোৰ চাই ল’বলৈ নাপাহৰিব
Mother taking kids to school

বিখ্যাত বিজ্ঞানী এলবার্ট আইনষ্টাইনে এবাৰ কৈছিল, “স্কুলত পঢ়াশুনা কৰিলেই জ্ঞান অর্জন কৰা নাযায়, আজীৱন প্রচেষ্টাৰেহে সেয়া লাভ কৰিব পাৰি”। আচলতে আইনষ্টাইনে স্কুলত পঢ়াৰ বিৰোধিতা কৰি সেই কথা কোৱা নাছিল। পঢ়ুৱৈৰ জ্ঞানৰ ক্ষুধা বঢ়োৱা সন্দৰ্ভতহে সেই কথা কৈছিল। যি কি নহওঁক, ঘৰৰ পাছত স্কুলেই হ’ল সেইখন ঠাই য’ত সন্তানে সকলোতকৈ বেছি সময় কটায়। সেয়ে ভাল স্কুল বাছি লোৱাটা গুৰুত্বপূর্ণ। শিশুক দায়িত্বৱান নাগৰিক তথা ভাল মানুহ হিচাপে গঢ়ি তোলাৰ শিক্ষাৰ প্রথম ধাপ হ’ল স্কুল। কিন্তু সন্তানৰ বাবে কোনখন হ’ব উপযুক্ত স্কুল, সেয়া কেনেকৈ নিৰ্ণয় কৰিব?

তালিকা তৈয়াৰ কৰকঃ শিশুৰ স্কুল বাচনিৰ ক্ষেত্রত সন্তান আৰু অভিভাৱকৰ পছন্দ কি তাৰে এখন তালিকা প্রথমে তৈয়াৰ কৰিব পাৰে। ঘৰৰ পৰা দূৰত্ব, স্কুলখনৰ শৈক্ষক খ্যাতি, কিদৰে নিয়ম-শৃংখলা বজায় ৰাখে, ছাত্ৰ অনুপাতে শিক্ষক কিমান, স্কুলৰ ফীজ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুৰক্ষা ব্যৱস্থাৰ স্থিতি ইত্যাদি খুচৰি চাব লাগিব।

পাঠক্রমঃ উচ্চ ক্লাছত চাপ বেছি। শিশুৰ ওপৰত চাপ নপৰিলে সিঁহতৰ মাজত অপাৰ সম্ভাৱনা তৈয়াৰ হয়। শিশুৱে স্বাধীনভাৱেহে বেছিকৈ শিকে। নিজৰ উদ্ভাৱনী শক্তিক কামত লগায়। সকলো স্কুল এনেকুৱা নহয়। কোন পদ্ধতিত শিক্ষাদান কৰা হৈছে সেয়া চাই লোৱা ভাল। শিশুৰ ওপৰত যেন চাপ নাথাকে, বিপৰীতে নিজেই শিকাৰ ইচ্ছা যাতে শিশুটিৰ মন-মগজুত জাগ্ৰত হয়, সেইটো চাব লাগিব। আত্মসচেতনতাৰ সমান্তৰালকৈ সামাজিক তথা মানসিক বুদ্ধিমত্তাৰ বিকাশত যাতে সহায় কৰে, তেনে স্কুলীয়া পৰিৱেশত গুৰুত্ব দিব।

ভার্চুৱেল মডিউল চাব লাগিবঃ ক’ভিড পৰিস্থিতিত স্কুল-কলেজ দীর্ঘদিন বন্ধ আছিল। অনলাইনতে চলিছিল পাঠদান। তেতিয়াৰে পৰা অনলাইন পঢ়াশুনাৰ ব্যৱস্থা এটা আৰম্ভ হৈছে সেয়া অস্বীকাৰ কৰিব নোৱাৰি। সেয়ে এতিয়া স্কুল বাছনি কৰাৰ আগতে স্কুলখনৰ ডিজিটেল মডিউল কেনে সেয়া চাই লোৱাটো অতি জৰুৰী হৈ উঠিছে।

পৰিকাঠামো আৰু নীতিঃ ক’ভিডৰ পৰৱর্তী সময়ত স্কুলৰ পৰিকাঠামো চাই লোৱাটো গুৰুত্বপূর্ণ। সুস্বাস্থ্যৰ বাবেও এয়া দৰকাৰী। স্কুলৰ ছেনিটেছনৰ সুবিধা কেনে, ক্লাছ ৰুমত ৰ’দ-বতাহ সোমাই নে নাই, শৌচাগাৰ নিয়মিত পৰিষ্কাৰ হয়নে নহয়, লাইব্রেৰী, ডিজিটেল পৰিকাঠামো সকলো চাই ল’ব। ইয়াৰ উপৰি শৃংখলা বজায় ৰাখিবলৈ স্কুল কৰ্তৃপক্ষই কি কি নীতি মানি চলে সেইবোৰ জানি ল’ব।

GTM Desk

Related