মুৰ্গীৰ লিভাৰ খালে পোৱা যায় এইবোৰ উপকাৰিতা..

মুৰ্গীৰ লিভাৰ খালে পোৱা যায় এইবোৰ উপকাৰিতা..

খাহি ছাগলীৰ লিভাৰ বা কলিজা স্বাস্থ্যৰ বাবে খুবেই উপকাৰী কিন্তু মুৰ্গীৰ লিভাৰ খাহি ছাগলীৰ লিভাৰৰ সমানেই উপকাৰী নে? এই বিষয় ভিন ভিন লোকে আগবঢ়ায় ভিন্ন মত৷ পুষ্টি বিশেষজ্ঞসকলৰ মতে মুৰ্গীৰ মাংসৰ সমানেই মুৰ্গীৰ লিভাৰো পুষ্টি গুণসম্পন্ন৷ ইয়াত বিভিন্ন ধৰণৰ ভিটামিন, আইৰণ, কেলছিয়াম আৰু ফাইবাৰৰ উপৰি উপকাৰী উপাদান থাকে৷ মুৰ্গীৰ লিভাৰত থকা ভিটামিন-এ আৰু ভিটামিন-বিয়ে দৃষ্টিশক্তি আৰু মস্তিষ্কৰ বিকাশত সহায় কৰে৷ ডায়েবেটিছৰ দৰে ৰোগত আক্ৰান্ত সকলৰ বাবে মুৰ্গীৰ লিভাৰ খুবেই উপকাৰী৷ তদুপৰি মুৰ্গী লিভাৰত থকা ফাইবাৰ হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী৷

মুৰ্গীৰ লিভাৰত থকা দস্তা বা জিংকে জ্বৰ, টনচিলাইটিছ, চৰ্দি, কাহ আদি সৃষ্টি কৰা জীৱাণুৰ বিৰুদ্ধে দেহত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে৷ তদুপৰি মুৰ্গীৰ কলিজাত থকা ক’লাজেন ওইলাষ্টিনে শৰীৰৰ সিৰা-উপসিৰাসমূহত ৰক্তপ্ৰবাহ সহজ আৰু স্বাভাৱিক কৰি ৰখাত সহায় কৰে৷ শৰীৰৰ বিভিন্ন অপুষ্টিজনিত সমস্যা আঁতৰ কৰা আৰু ওজন বৃদ্ধিৰ ক্ষেত্ৰত মুৰ্গীৰ লিভাৰ উপকাৰী৷

অৱশ্যে যিসকলৰ উচ্ছ ৰক্তচাপ বা হৃদযন্ত্ৰৰ সমস্যা আছে তেওঁলোকে মুৰ্গীৰ লিভাৰ নোখোৱাই ভাল৷ কিয়নো মুৰ্গীৰ লিভাৰে শৰীৰত কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি কৰে৷ সেয়ে আপোনাৰ যদি হৃদযন্ত্ৰৰ সমস্যা, উচ্ছ ৰক্তচাপ বা কলেষ্টেৰ’লৰ সমস্যা নাথাকে, তেন্তে এতিয়াৰে পৰা খাদ্য তালিকাত মুৰ্গীৰ লিভাৰ ৰাখিব পাৰে৷

GTM Desk