ফোনত ৰিচাৰ্জ নাথাকিলেও ক’ল কৰিব পৰা যায় এই উপায়েৰে

ফোনত ৰিচাৰ্জ নাথাকিলেও ক’ল কৰিব পৰা যায় এই উপায়েৰে

ফোনটো সক্ৰিয় কৰি ৰাখিবলৈ আটাইতকৈ জৰুৰী, ফোনটোক এটা নিৰ্দিষ্ট পেকত ৰিচাৰ্জ কৰি ৰখাটো৷ সময়মতে ৰিচাৰ্জ নকৰিলে ফোনটোৰ ইনকামিং বা আউটগ’য়িং সকলো পৰিসেৱা বন্ধ হৈ পৰে৷ কিন্তু কেতবোৰ উপায় আছে, যিবোৰ উপায়ৰ সহায়ত ৰিচাৰ্জ বা ডাটা পেক নাথাকিলেও আপুনি ৱাই-ফাই কিম্বা হটস্পটৰ সহায়ত ক’ল কৰিব পাৰিব৷ ইয়াৰ বাবে তলত উল্লেখ কৰা এপ্লিকেশ্বনসমূহ ব্যৱহাৰ কৰিব লাগিব–

◾হোৱাটছএপঃ হোৱাটছএপ ব্যৱহাৰ নকৰা লোক এতিয়া নাই বুলি ক’লেও অত্যুক্তি কৰা নহয়৷ আপুনি নিশ্চয় অৱগত যে হোৱাটছএপত ভইচকলৰ সুবিধা থাকে৷ জৰুৰী সময়ত আপুনি এই সুবিধা গ্ৰহণ কৰিব পাৰে৷ ইয়াৰ বাবে প্ৰথমে ছাট অপশ্বনলৈ যাওঁক৷ ইয়াৰ পাছত একেবাৰে ওপৰলৈ গৈ ক’ল বুটামত টেপ কৰক৷ এনে কৰাৰ লগে লগে আপুনি নিৰ্দিষ্ট নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হ’ব৷ অৱশ্যে ইয়াৰ বাবে ৱাই-ফাই সংযোগ অথবা হটস্পটৰ সুবিধা থাকিব লাগিব৷

◾টেলিগ্ৰামঃ হোৱাটছএপৰ দৰে টেলিগ্ৰামো হৈছে এটা ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্ম৷ ইয়াতো ভইচ আৰু ভিডিঅ’ ক’লৰ সুবিধা থাকে৷ এই এপৰ জৰিয়তে ক’ল কৰিবলৈ হ’লে প্ৰথমে টেলিগ্ৰাম অপেন কৰি লওক৷ ইয়াৰ পাছত যাৰ সৈতে কথা পাতিব বিচাৰিছে, তেওঁৰ ছাট উইণ্ডো খুলি লওক৷ ইয়াত থকা কল অপশ্বন টেপ কৰাৰ লগে লগে আপুনি কথা পাতিব বিচৰা ব্যক্তিজনৰ সৈতে যোগাযোগ সম্পন্ন হ’ব৷ মনত ৰাখিব যে, আপুনি কথা পাতিব খোজা ব্যক্তিজনো যাতে টেলিগ্ৰাম ব্যৱহাৰকাৰী হয়৷ টেলিগ্ৰামৰ জৰিয়তে ক’ল কৰাৰ ক্ষেত্ৰত ৱাই-ফাই আৰু হটস্পটৰ সহায় ল’ব পাৰে৷

◾ভাইবাৰঃ ভাইবাৰো আচলতে এটা মেছেজিং এপ৷ এই এপটো ব্যৱহাৰ কৰিব বিচাৰিলে প্ৰথমে ইয়াক প্লে’ষ্টৰৰ পৰা ডাউনলোড কৰি ল’ব লাগিব৷ এইটো এপৰ জৰিয়তেও ৰিচাৰ্জ অবিহনে ফোন ক’ল কৰাৰ সুবিধা পোৱা যায়৷ ইয়াৰ বাবে আপুনি যাৰ সৈতে ক’ল কৰিবলৈ বিচাৰিছে তেওঁৰ ছাট লিষ্ট খুলি অডিঅ’ অপশ্বনত টেপ কৰিব লাগিব৷ এই অপশ্বনত টেপ কৰা মাত্ৰেই আপোনাৰ ফোনৰ সৈতে নিৰ্দিষ্ট ফোন নম্বৰটোৰ সংযোগ ঘটিব৷ এইটো এপ অত্যন্ত নিৰাপদ আৰু ইয়াক ৱাই-ফাই বা হটস্পটৰ মাধ্যমেৰে নিৰ্বিঘ্নে ব্যৱহাৰ কৰিব পৰা যায়৷

GTM Desk