20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে এইবোৰ নাখাব!

Assamese Newsকোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে এইবোৰ নাখাব!

শৰীৰ আৰু মন ভালে ৰাখিবলৈ পেট পৰিষ্কাৰ হৈ থকাটো জৰুৰী৷ আপুনি হয়তো ভাবিছে যে পেট পৰিষ্কাৰৰ সৈতে মনৰ কি সম্পৰ্ক থাকিব পাৰে? ধৰক আপোনাৰ পেট সঠিকভাৱে পৰিষ্কাৰ হৈ থকা নাই, তেতিয়া তাৰ প্ৰভাৱ পৰিব শৰীৰত৷ ইয়াৰ পাছত মনটো ভালে থাকিব পাৰেনে? তদুপৰি কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে মানসিক অৱস্থা সুস্থিৰ হৈ নাথাকে৷ এনে ক্ষেত্ৰত এই সমস্যাৰ পৰা এৰাই চলিবলৈ সতৰ্ক হোৱাটো প্ৰয়োজন৷ কাৰণ কোষ্ঠকাঠিন্যৰ সমস্যা ভাল লক্ষণ নহয়৷ এই সমস্যাই পৰৱৰ্তী সময়ত পাইলছ আৰু কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সৃষ্টি কৰে৷ অতিৰিক্ত ফাষ্টফুড, ৰেডমিট,অত্যধিক তেল আৰু মছলাযুক্ত খাদ্য বেছিকৈ খালে অথবা ফাইবাৰযুক্ত খাদ্য এৰাই চলিলে কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিয়ে৷

কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে খাদ্য সহজে হজম নহয়৷ ফলত শৌচৰ সময়ত সমস্যাৰ সৃষ্টি হয়৷ লগতে পেটৰ বিষ, গেষ্ট্ৰিক, পেটফুলা আদিৰ সৃষ্টি হয়৷ তদুপৰি কেতিয়াবা কেতিয়াবা ভোক নলগা, শৰীৰ দুৰ্বল, বমিভাব আদি হয়৷ এনেকুৱা হ’লে ফাইবাৰযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খোৱা উচিত৷ কোষ্ঠকাঠিন্যৰ সমস্যা হ’লে কেইবিধমান খাদ্য ভুলতো খোৱা উচিত নহয়৷ উল্লেখ কৰা হ’ল এনে কেইবিধমান খাদ্য–

টেঙা দৈঃ টেঙা দৈ স্বাস্থ্যৰ পক্ষে যে অতি উপকাৰী সেয়া সকলোৱে জানে৷ দৈয়ে ৰুচি বঢ়োৱাত সহায় কৰে৷ কিন্তু টেঙা দৈ কোষ্ঠকাঠিন্য সমস্যাৰ এটা অন্যতম কাৰণ৷ কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিলে ভুলতো দৈ নাখাব৷ ই লাগিলে মিঠাই হওক বা টেঙাই হওক৷ লগতে গাখীৰৰ পৰা তৈয়াৰ কৰা সকলো ধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ কিয়নো গাখীৰযুক্ত খাদ্যই বদহজমৰ সৃষ্টি কৰে৷

জিৰাঃ জিৰা এবিধ উপকাৰী মছলা৷ ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰে৷ জিৰাই ভোক কমায় আৰু চৰ্বি গলোৱাত সহায় কৰে৷ গেষ্ট্ৰিকৰ সমস্যাও সমাধান কৰে জিৰাই৷ কিন্তু কোষ্ঠকাঠিন্য সমস্যাত ভুগিলে জিৰা খোৱাৰ পৰা বিৰত থাকক৷ জিৰাই এই সমস্যা অধিক বৃদ্ধি কৰে৷

কফিঃ মন সতেজ আৰু ক্লান্তি ভাব দূৰ কৰাত সহায় কৰে কফিয়ে৷ সেয়ে দীৰ্ঘ কৰ্মব্যস্ততাৰ মাজত বহুতেই কফি খায়৷ কিন্তু যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে তেন্তে কফিৰ পৰা আঁতৰি থাকক৷ কফিয়ে ডিহাইড্ৰেছনৰ সৃষ্টি কৰে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!