25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

ওজন কমাবলৈ দৈনিক কিমান খোজকঢ়া উচিত?

Assamese Newsওজন কমাবলৈ দৈনিক কিমান খোজকঢ়া উচিত?

দেহৰ ক্ৰমবদ্ধৰ্মান ওজন হ্ৰাস কৰিবলৈ বহুতে বিভিন্ন উপায় অৱলম্বন কৰে, তাৰ ভিতৰত খোজ কঢ়াটো অন্যতম৷ নিজকে সুস্থ আৰু ফিট কৰি ৰাখিবলৈ খোজ কঢ়াৰ অভ্যাস অন্যতম উপায়৷ বিশেষকৈ খোজ কাঢ়িলে পেট আৰু কঁকালৰ চৰ্বি কমে৷ সেয়ে পুৱা আৰু নিশা খাদ্য গ্ৰহণৰ পাছত চিকিৎসকে কিছুসময় খোজ কাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়৷ কিন্তু এইখিনিতে প্ৰশ্নৰ উদয় হয় যে পেটৰ স্বাভাৱিক অৱস্থা ঘূৰাই পাবলৈ একোজন লোকে দিনে কিমান খোজ কঢ়া উচিত৷ উল্লেখ কৰা হ’ল এজন লোকে দৈনিক কিমান খোজ কঢ়াটো দৰকাৰ৷

পেট আৰু অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্ৰত উৎকৃষ্ট ফল পাবলৈ হ’লে স্বাভাৱিকভাৱে খোজ কঢ়াৰ সলনি দ্ৰুতগতিত খোজ কাঢ়ক৷ যিসকলে দৈনিক ৮ৰ পৰা ১০ ঘণ্টা সময় অফিচত বহি কাম কৰে তেওঁলোকৰ কৰ’নাৰী আৰ্টাৰি ডিজিজ, ট্ৰিপল ভেছেল ডিজিজ তথা হাৰ্টএটেকৰ আশংকা অধিক৷ শাৰীৰিক কাৰ্যকলাপ কমকৈ কৰিলে তেজত উচ্ছমাত্ৰাৰ কলেষ্টেৰল আৰু স্থূলতা বৃদ্ধি পোৱাৰ আশংকা থাকে৷ সেয়ে শৰীৰটো বেছিকৈ লৰচৰ কৰাত গুৰুত্ব দিয়া উচিত৷

কানাডাত চলোৱা এক সমীক্ষা মতে যিসকল মহিলাই চাৰে তিনিমাহ ধৰি দৈনিক এঘণ্টা খোজ কাঢ়ে তেওঁলোকে খাদ্যৰ সাল-সলনি নকৰাকৈ অন্ততঃ পেটৰ ২০ শতাংশ চৰ্বি কমাব পাৰে৷

খোজ কঢ়াটো আচলতে একধৰণৰ ব্যায়াম৷ যদি আপোনাৰ স্থূলতা আৰু হূদৰোগৰ সমস্যা নাই তেন্তে দৈনিক ১০ হাজাৰ কদম খোজ কঢ়াৰ অভ্যাস কৰিব পাৰে৷ তদুপৰি দৈনিক কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰিলেও মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে দেহৰ অতিৰিক্ত ওজন কমে৷

জানি থোৱা ভাল যে খোজ কঢ়াৰ অভ্যাসে হজম আৰু বিপাক ক্ৰিয়াক স্বাভাৱিক কৰি ৰাখে৷ তদুপৰি খোজ কাঢ়িলে মানসিক স্বাস্থ্যৰো উন্নতি ঘটে৷ সেয়ে দৈনিক খোজ কঢ়াৰ অভ্যাস কৰক৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!