ওঁঠ ক’লা পৰাটো এইবোৰ সমস্যাৰ লক্ষণ হ’ব পাৰে….

1 min read

বিভিন্ন কাৰণত বহুতৰে ওঁঠৰ ৰঙৰ পৰিৱৰ্তন ঘটে৷ ইয়াৰ ভিতৰত ধুমপান হৈছে এটা অন্যতম কাৰণ৷ তদুপৰি ওঁঠৰ সঠিকভাৱে যতন নল’লেও ৰঙৰ পৰিৱৰ্তন ঘটিব পাৰে৷ কিন্তু ওঁঠৰ ৰং সলনি হোৱাটোক বহুতে গুৰুত্ব নিদিয়ে৷ পিছে, জানি থোৱা ভাল যে ওঁঠ কলা পৰাটো বিভিন্ন শাৰীৰিক সমস্যাৰ লক্ষণো হ’ব পাৰে৷ উল্লেখ কৰা হ’ল কি কি শাৰীৰিক সমস্যা হ’লে ওঁঠ ক’লা পৰে–

[১] শৰীৰত ভিটামিনৰ পৰিমাণ কমিলে ওঁঠৰ ৰঙৰ পৰিৱৰ্তন ঘটে৷ বিভিন্ন গৱেষণাত পোৱা তথ্যমতে দেহত ভিটামিন-বি১২ হ্ৰাস পালে ওঁঠ ক’লা পৰে৷ এই ভিটামিনৰ অভাৱে দেহত এনিমিয়াৰ দৰে ৰোগৰ সৃষ্টি কৰে৷

[২] আডিছন্‌ছ নামৰ ৰোগত আক্ৰান্ত হ’লে শৰীৰৰ এড্ৰিনাল গ্ৰন্থিৰ পৰা কৰ্টিছল তথা আলডোষ্টেৰণ নামৰ হৰমনৰ ক্ষৰণ কমি আহে৷ ফলত দেহৰ বিভিন্ন অংশ ক’লা হৈ পৰে৷ ওঁঠতো তাৰ প্ৰভাৱ পৰে৷

[৩] শৰীৰত পানীৰ পৰিমাণ কমি আহিলে ওঁঠৰ ৰং সলনি হয়৷ ওঁঠ ক’লা পৰিলেই বুজিব যে আপোনাৰ দেহত পানীৰ পৰিমাণ কমি আহিছে৷

[৪] ওঁঠ ক’লা পৰাটো কৰ্কটৰ দৰে গুৰুতৰ ৰোগৰ উপসৰ্গও হ’ব পাৰে৷ ওঁঠত যদি বেছি ডাঠকৈ ক’লা দাগ পৰে বা ৰক্তপাত হয়, তেন্তে লগে লগে চিকিৎসকৰ কাষ চাপিবলৈ নাপাহৰিব৷

[৫] শৰীৰত থাইৰ’ক্সিন নামৰ হৰমনৰ ক্ষৰণ কমিলে বা বাঢ়িলেও ওঁঠ ক’লা পৰে৷ সেয়ে ওঁঠ অত্যধিক কলা পৰিলে লগে লগে থাইৰয়েড পৰীক্ষা কৰক৷

[৬] গৰ্ভাৱস্থাত হৰমনৰ পৰিৱৰ্তনৰ কাৰণেও মহিলাসকলৰ ওঁঠ ক’লা হ’ব পাৰে৷

[৭] বেছিভাগ মহিলাই ওঁঠত লিপষ্টিক ব্যৱহাৰ কৰে৷ পুৰুষসকলে আকৌ ওঁঠত লিপবাম ঘঁহে৷ কিন্তু জানি থোৱা ভাল যে এইবোৰৰ ব্যৱহাৰে এলাৰ্জিৰ সৃষ্টি কৰে৷ যাৰ বাবে পৰৱৰ্তী সময়ত ওঁঠৰ ৰং ক’লা পৰিবলৈ ধৰে৷

ওঁঠৰ ক’লা দাগ দূৰ কৰিবলৈ কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিব পৰা যায়৷ যেনে– নেমুৰ ৰস, চেনি আদি প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিলেও ওঁঠৰ ক’লা দাগ আঁতৰে৷

You May Also Like

More From Author