21.9 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

সৌন্দৰ্য চৰ্চাত ক্ষতি কৰা কেইটামান প্ৰাকৃতিক উপাদান

Assamese Newsসৌন্দৰ্য চৰ্চাত ক্ষতি কৰা কেইটামান প্ৰাকৃতিক উপাদান

প্ৰাচীন কালৰ পৰা সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ হৈ আহিছে৷ প্ৰাকৃতিক উপাদানসমূহে ছালৰ কোনো ক্ষতি নকৰে বুলি থকা ধাৰণাৰ বাবেই আজিৰ আধুনিক যুগতো সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ হ্ৰাস পোৱা নাই৷ কিন্তু প্ৰাকৃতিক উপাদানে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত যিমানেই ভাল ফল নিদিয়ক কিয়, এইক্ষেত্ৰত সাৱধান হোৱাটো জৰুৰী৷ কাৰণ, পৰিৱেশ বান্ধৱ এই উপাদানসমূহে ছালৰ ক্ষতি নকৰিলেও ইয়াৰ অত্যধিক ব্যৱহাৰে হিতে বিপৰীত কৰিব পাৰে৷ উল্লেখ কৰা হ’ল সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেইটামান প্ৰাকৃতিক উপাদান আৰু ইয়াৰ ক্ষতিকাৰক দিশসমূহ–

[১] ডালচেনিঃ শালমনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ডালচেনি আজিকালি খুবেই জনপ্ৰিয় হৈ পৰা দেখা গৈছে৷ বহুতে সৌন্দৰ্য চৰ্চাৰ সময়ত ডালচেনিৰ প্ৰলেপ মুখত মাস্ক হিচাপেও ব্যৱহাৰ কৰে৷ কিন্তু এইবিধ প্ৰাকৃতিক উপাদানৰ ক্ষতিকাৰক দিশ হৈছে যে, ই চৰ্মৰোগৰ সৃষ্টি কৰাৰ লগতে ছাল ৰঙা কৰি পেলায়৷

[২] চেনিঃ মুখৰ ছালৰ বাবে চেনি উপকাৰী৷ কিন্তু অত্যধিক মাত্ৰাত চেনি ব্যৱহাৰ কৰিলে হিতে বিপৰীত হোৱাৰ আশংকা থাকে৷ চেনিয়ে ছালৰ মৃত কোষসমূহ আঁতৰোৱাত সহায় কৰে৷ কিন্তু চেনিৰ অত্যধিক ব্যৱহাৰে ছাল শুষ্ক কৰাৰ লগতে ঘাঁৰ সৃষ্টি কৰিব পাৰে৷

[৩] নেমুৰ ৰসঃ নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ আৰু এণ্টি অক্সিডেণ্ট থাকে৷ বহুতে বয়সৰ চাপ নাইকিয়া কৰিবলৈ মুখত নেমু ঘহে৷ কিন্তু নেমুৰ বাবে ছালত হাইপাৰপিগমেণ্টেশ্বন তথা জ্বলা-পোৰা হ’ব পাৰে৷ সেয়ে নেমুৰ ৰস ব্যৱহাৰ কৰোতে সাৱধানতা অৱলম্বন কৰিবলৈ নাপাহৰিব৷

[৪] বেকিং ছডাঃ মানসিক চাপকে ধৰি বিভিন্ন বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে গা ধোৱাৰ সময়ত পানীৰ সৈতে বেকিং ছডা মিহলাই লয়৷ কিন্তু জানি থোৱা ভাল যে বেকিং ছডাই ছালৰ ক্ষতি কৰে৷

[৫] নাৰিকল তেলঃ ছাল আৰু চুলিৰ যতন ল’বলৈ আমি নাৰিকল তেল ব্যৱহাৰ কৰোঁ৷ কিন্তু বহুতেই নাজানে যে নাৰিকল তেল সকলোধৰণৰ চুলিৰ বাবে উপকাৰী নহয়৷ যিবোৰ চুলিৰ গুৰিত তৰল পদাৰ্থ চলাচলৰ ৰন্ধ্ৰ কম থাকে, সেইবোৰ চুলিত নাৰিকল তেল ব্যৱহাৰ কৰিলে তেলত থকা পাতল স্তৰে জলপ্ৰৱাহৰ পথ বন্ধ কৰি দিব পাৰে৷ ফলত চুলিৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে৷

[৬] আপেল ছিদাৰ ভিনেগাৰঃ বহুতে শালমন, উফি আদিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু প্ৰাকৃতিক ডিওডৰেণ্ট হিচাপে আপেল ছিদাৰ ভিনেগাৰ ব্যৱহাৰ কৰে৷ কিন্তু আপেল ছিদাৰ ভিনেগাৰ এচিডিক হোৱাৰ বাবে ছালত মাৰাত্মক ৰাসায়নিক প্ৰতিক্ৰিয়া হ’ব পাৰে৷ সেয়ে এইক্ষেত্ৰত আপেল ছিদাৰ ভিনেগাৰৰ সৈতে পানী মিহলাই ল’বলৈ নাপাহৰিব৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!