35.5 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

মদে কিদৰে লিভাৰৰ ক্ষতি কৰে জানিলে শিহৰিত হ’ব!

Assamese Newsমদে কিদৰে লিভাৰৰ ক্ষতি কৰে জানিলে শিহৰিত হ’ব!

যকৃত বা লিভাৰ বেয়া হোৱাৰ এটা অন্যতম কাৰণ হৈছে অত্যধিক মদ্যপান৷ মদৰ বাবে যেতিয়া লিভাৰৰ ক্ষতি হয় তেতিয়া তাক এলক’হল লিভাৰ ডিজিজ বুলি কোৱা হয়৷ উল্লেখ কৰা হ’ল এলক’হল বা মদৰ বাবে লিভাৰ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰাথমিক লক্ষণ আৰু কেনেদৰে এলক’হলে লিভাৰৰ ক্ষতি কৰে–

◾যকৃত বা লিভাৰে শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ নষ্ট কৰে৷ এলক’হল বা মদ পান কৰাৰ ফলত লিভাৰত থকা বিভিন্ন এনজাইমক এলক’হলে নষ্ট কৰে৷ লিভাৰৰ ক্ষমতাতকৈ বেছি মদ পান কৰিলে লিভাৰ ক্ষতিগ্ৰস্ত হ’বলৈ ধৰে৷ ইয়াৰ ফলত লিভাৰত চৰ্বি বৃদ্ধি হোৱা আৰম্ভ হয়৷ পৰিণতিত টিছুসমূহৰ ক্ষতিসাধন হ’বলৈ ধৰে৷ এলক’হলৰ ফলত লিভাৰ বা যকৃতৰ সমস্যা আৰম্ভ হ’লে প্ৰাথমিক অৱস্থাত কোনো উপসৰ্গই দেখা নিদিয়ে৷ যাৰ বাবে ধাৰণাই কৰিব পৰা নাযায় যে এলক’হলে লিভাৰৰ কিমান ক্ষতি কৰিছে৷ এলক’হলৰ বাবে লিভাৰ বা যকৃত বেয়াকৈ ক্ষতিসাধন হ’বলৈ ধৰিলে লিভাৰ ফুলিবলৈ আৰম্ভ কৰে৷ যাক লিভাৰ এনলাৰ্জ হোৱা বুলি কোৱা হয়৷ ইয়াৰ ফলত পেটৰ ওপৰত সোঁফালে অস্বস্তি, ক্লান্তি, ক্ষুধা হ্ৰাস, বমি ভাৱ বা বমি হ’ব পাৰে৷

◾এলক’হল ফেটি লিভাৰ ডিজিজ কিঃ

এলক’হলিক ফেটি লিভাৰ ডিজিজক হেপাটিক ষ্টেট’চিছ বুলিও কোৱা হয়৷ যকৃত বা লিভাৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰিলে এই ৰোগ হয়৷ অত্যধিক মদ্যপান কৰাৰ ফলত লিভাৰত সৃষ্টি হোৱা চৰ্বি গলাত ব্যাঘাট জন্মে৷ ফলত চৰ্বি যকৃতত জমা হ’বলৈ ধৰে৷ যিসকলে অত্যধিক মদ্যপান কৰে তেওঁলোকৰ এলক’হলিক ফেটি লিভাৰ ডিজিজ হোৱাটো অস্বাভাৱিক নহয়৷ জানি থোৱা ভাল যে এলক’হলিক ফেটি লিভাৰ ডিজিজ হ’লে কোনো উপসৰ্গই দেখা নিদিয়ে৷

যিসকলে অত্যধিক মদ্যপান কৰে তেওঁলোকে যদি বেছি ক্লান্তি অনুভৱ কৰে তেন্তে চিকিৎসকৰ কাষ চপাটো ভাল৷ এলক’হলিক ফেটি লিভাৰ ডিজিজ হ’লে কোনো কাৰণ অবিহনে দেহৰ ওজন হ্ৰাস পাবলৈ আৰম্ভ কৰে৷ অৱশ্যে কিছুদিন যদি মদ খোৱাৰ পৰা আঁতৰি থাকিব পৰা যায় তেন্তে এই সমস্যা নিৰাময় হয়৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!