30.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

পুৱাই শুদা পেটত জিৰাৰ পানী খালে এইবোৰ সমস্যা আঁতৰে

English Newsপুৱাই শুদা পেটত জিৰাৰ পানী খালে এইবোৰ সমস্যা আঁতৰে

প্ৰত্যেকৰে পাকঘৰত বিভিন্ন ধৰণৰ মছলা থাকে৷ ইয়াৰ ভিতৰত জিৰা খুবেই প্ৰচলিত আৰু সকলোৰে পৰিচিত মছলা৷ ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা মছলাসমূহৰ ভিতৰত জিৰা অন্যতম৷ জিৰাই খাদ্য সোৱাদযুক্ত কৰে আৰু সুগন্ধি বঢ়ায়৷ কিন্তু জিৰা কেৱল খাদ্যৰ সোৱাদ আৰু সুগন্ধি বঢ়োৱাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী৷ ওজন কমোৱা, ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, হজমৰ সমস্যা আঁতৰোৱা, ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ৰক্তহীনতাৰ দৰে সমস্যা নাইকিয়া কৰে জিৰাই৷

◾জিৰা ৰাইচ, বিভিন্ন ধৰণৰ দাইল, তৰকাৰীৰ পৰা মাছৰ জোল আদিকে ধৰি যিকোনো ব্যঞ্জন জিৰাৰ সোৱাদ আৰু সুগন্ধিৰ ফলত অতুলনীয় হৈ উঠে৷ জিৰাৰ অন্যান্য গুণো আছে৷ জিৰাত কপাৰ, আইৰণ, এণ্টিঅক্সিডেণ্ট, ভিটামিন-এ, ভিটামিন-চি, জিংক আৰু পটাছিয়াম থাকে৷ বিভিন্ন ঘৰুৱা প্ৰতিকাৰৰ ক্ষেত্ৰতো জিৰা ব্যৱহাৰ কৰা হয়৷ বিশেষকৈ জিৰাৰ পানী স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ পুৱাই শুদা পেটত জিৰাৰ পানী খালে ব্লাড ছুগাৰ আৰু কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি পোৱাৰ আশংকা কমে৷

◾ৰন্ধন কাৰ্যত জিৰা মছলা হিচাপে খোৱাতকৈ যদি দৈনিক শুই উঠি শুদা পেটত জিৰাৰ পানী খাব পৰা যায়, তেন্তে আপুনি বহু ৰোগৰ পৰা নিৰাময় লাভ কৰিব৷ ইয়াৰ বাবে এচামুচ জিৰা ডেৰকাপ পানীৰ সৈতে মিহলাই থওক৷ জিৰা আৰু পানীৰ মিশ্ৰণত আধা চামুচ মৌও মিহলাই ল’ব পাৰে৷ এইবাৰ মিশ্ৰণখিনি সাধাৰণ তাপত লাহে লাহে গৰম কৰক৷ ইয়াৰ পাছত জুইৰ পৰা নমাই আনি তিনিৰ পৰা পাঁচ মিনিট সময় মিশ্ৰণখিনি ঢাকি ৰাখক৷ ঠাণ্ডা হ’লে এটা কাপত জিৰাৰ পানীখিনি চেকি লৈ পান কৰক৷

◾জিৰাৰ উপাদানসমূহে দেহত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে৷ জিৰাত থকা এপিজেনিন আৰু লুটেওলিন নামৰ উপাদানে দেহৰ কোষসমূহক সুস্থ ৰাখে৷ এণ্টিঅক্সিডেণ্টে শৰীৰত কৰ্মশক্তি বঢ়ায়৷ তদুপৰি ছালত বয়সৰ চাপ পৰিবলৈ নিদিয়ে৷

◾জিৰাৰ পানী পান কৰিলে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷ মধুমেহ ৰোগীৰ শাৰীৰিক অৱস্থাও জিৰা আৰু পানীৰ মিশ্ৰণে ভালে ৰাখে৷

◾তেজত কলেষ্টেৰ’লৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখি হৃদযন্ত্ৰ সুস্থ ৰখাত কাম কৰে জিৰাৰ পানীয়ে৷ জিৰাত থকা হাইপোলিপিডেমিক নামৰ উপাদানবিধে তেজত এলডিএল কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস কৰে৷

◾পৰিপাক ক্ৰিয়া নিয়ন্ত্ৰণত ৰখাত সহায় কৰে জিৰাই৷ যিসকলৰ পেটৰ সমস্যা আছে তেওঁলোকে নিতৌ শুদা পেটত জিৰাৰ পানী খাব পাৰে৷ জিৰাৰ পানীয়ে হজম শক্তি বঢ়ায়৷ কোষ্ঠকাঠিন্যৰ দৰে সমস্যা আঁতৰায়৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!