32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

কলৰ বাকলিয়ে উজ্জ্বলতা বঢ়ায় ছাল আৰু দাঁতৰ

Assamese Newsকলৰ বাকলিয়ে উজ্জ্বলতা বঢ়ায় ছাল আৰু দাঁতৰ

কলৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব৷ কেঁচাই হওক বা পকাই হওক কলে স্বাস্থ্যৰ সীমাহীন উপকাৰ সাধন কৰে৷ কিন্তু এই কলৰ বাকলিও যে মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী সেয়া বহুতেই হয়তো নাজানে৷ সেয়ে কলৰ বাকলি আপুনি পেলাই নিদি সেয়া স্বাস্থ্যৰ কামত লগাওক৷ কলৰ বাকলিয়ে ছাল আৰু দাঁতৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে ৰূপৰ সামগ্ৰী পৰিষ্কাৰ কৰাত সহায় কৰে৷ যাৰ ফলত ৰূপৰ গহনাই হওক বা অন্য সামগ্ৰীয়েই হওক কলৰ বাকলি ঘঁহি ইয়াৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰি৷ কলৰ বাকলিয়ে ছালৰ কটা দাগ আৰু ঘামচি আদি নাইকিয়া কৰে৷ একেদৰে কেইসপ্তাহমান নিয়মিতভাৱে কলৰ বাকলিৰ কোমল অংশৰে দাঁত ঘঁহিলে দাঁতৰ উজ্জ্বলতা বৃদ্ধি হয়৷ মূৰৰ বিষ আঁতৰোৱাৰ ক্ষেত্ৰতো কলৰ বাকলিৰ গুণাগুণ আছে৷ কলৰ বাকলি কিছু সময় ফ্ৰীজত ৰাখি তাৰ কোমল অংশ কঁপালত লগালে কিছু সময়ৰ ভিতৰতে লাহে লাহে মূৰৰ বিষৰ পৰা নিৰাময় লাভ কৰিব পৰা যায়৷ একেদৰে পোক-পৰুৱাই কামুৰিলে কলৰ বাকলিৰ কোমল অংশ ব্যৱহাৰ কৰি বিষ উপশম কৰিব পাৰি৷ সেইদৰে কলৰ বাকলিক গছৰ পচনসাৰ হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!