38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

ওজন কমাবলৈ হ’লে নিশা ভুলতো নাখাব এইবোৰ খাদ্য

Assamese Newsওজন কমাবলৈ হ’লে নিশা ভুলতো নাখাব এইবোৰ খাদ্য

ওজন কমাবলৈ হ’লে ৰাতিৰ খাদ্যৰ পৰিমাণ হ্ৰাস কৰাৰ বিজ্ঞানসন্মত যুক্তি আছে৷ আমাৰ শৰীৰ ঘড়ীৰ দৰে চলে৷ পুৱা হজম প্ৰক্ৰিয়া শক্তিশালী ৰূপত থাকে আৰু ৰাতি কিছু দুৰ্বল হৈ পৰে৷ এই কাৰণে ৰাতি কাৰ্বহাইড্ৰেট, কেলৰি আৰু চৰ্বিযুক্ত খাদ্য কম পৰিমাণে খোৱাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ ৰাতিৰ মেনুত স্বাস্থ্যসন্মত খাদ্য ৰখা উচিত৷ দ্ৰুত ওজন কমাব বিচাৰিলে নিশা খাদ্যৰ পৰিমাণ হ্ৰাস কৰিব লাগে৷ খাদ্যত প্ৰচুৰ পৰিমাণে তেল, চৰ্বি, চেনি আৰু কেলৰি থাকিলে সেইবোৰে ওজন কমোৱাৰ লক্ষ্যক বাধা দিয়ে৷ দোকানত মাইক্ৰ’ৱেভত যিবোৰ পপকণ প্ৰস্তুত কৰা হয় তাত প্ৰচুৰ পৰিমাণে পৰিশোধিত চৰ্বি আৰু লৱণ থাকে৷ সকলো প্ৰকাৰৰ পানী আৰু কাৰ্বহাইড্ৰেট ড্ৰিংক্‌ছ ৰাতি একেবাৰে পৰিহাৰ কৰা উচিত৷ ইয়াত চ’দা আৰু অতিৰিক্ত চেনি থাকে যিয়ে শৰীৰত কেলৰিৰ মাত্ৰা বৃদ্ধি কৰে৷ বিভিন্ন ধৰণৰ টমেট’ চছ্‌ত যথেষ্ট পৰিমাণে প্ৰক্ৰিয়াজাত চেনি ব্যৱহাৰ হয় যিয়ে ওজন বৃদ্ধি ৰোধ কৰাত বাধা দিয়ে৷ ৰেষ্টুৰেণ্টত উপলব্ধ ফ্ৰেন্সফ্ৰাইত প্ৰচুৰ চৰ্বি, কলেষ্ট’ৰেল আৰু কেলৰি থাকে৷ একেদৰে পণিৰ আৰু পিজ্জাত সংপৃক্ত চৰ্বি, কলেষ্ট’ৰেল, ছডিয়াম, কাৰ্বহাইড্ৰেট আৰু নিমখ ব্যৱহাৰ হয়৷ চছ্‌ পণিৰ আৰু প্ৰক্ৰিয়াজাত মাংস দি প্ৰস্তুত কৰা হয়৷ যিয়ে ওজন বৃদ্ধি ৰোধত বাধা হিচাপে থিয় দিয়ে৷ সকলো প্ৰকাৰৰ পুষ্টি উপাদানেৰে ভৰপুৰ বাদামত অধিক মাত্ৰাত কেলৰি থাকে৷ সেয়ে নিশা বাদাম খোৱা উত্তম নহয়৷ ইয়াাৰোপৰি আইচক্ৰীম, ডাৰ্ক চকলেট আৰু ৰঙা মাংস নিশা নোখোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!