32.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

হেৰোৱা শক্তি ঘূৰাই আনিবৰ বাবে ডালিম খাওক

Assamese Newsহেৰোৱা শক্তি ঘূৰাই আনিবৰ বাবে ডালিম খাওক

ডালিম ফলৰ মাজত অন্যতম সুস্বাদু আৰু উপকাৰী ফল, এই কথা সকলোৱেই জানে৷ কিন্তু এই ফল জানো সকলোৱে পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰে৷ আপুনি হয়তো যুক্তি দিব পাৰে বজাৰত ডালিমৰ যি দাম কিনিবলৈ এশবাৰ ভাবিব লাগে৷ কিন্তু আমি বহুতেই অপ্ৰয়োজনীয়ভাৱে টকা খৰচ কৰো৷ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী ডালিম কিনিবলৈ পইচা নাই বুলি এনেয়ে অজুহাত দেখুৱাও৷ চিকিৎসক আৰু পুষ্টি বিশেষজ্ঞসকলে বিভিন্ন সময়ত ডালিমৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰি আহিছে৷ কেৱল শৰীৰৰ ভিতৰুৱা পুষ্টিৰ বাবেই যে ডালিম উপকাৰী এনে নহয়৷ ছালৰ বিভিন্ন সমস্যাও ডালিমে দূৰ কৰে৷ তেতিয়াহ’লে আমি এবাৰ চাওচোন আহক ছাল আৰু শৰীৰৰ কি কি উপকাৰ সাধে ডালিমে৷ ডালিমৰ ৰস পুষ্টিৰে ভৰপূৰ৷ ডালিমত ভিটামিন চি, ভিটামিন কে, ভিটামিন বি-৯, পটাছিয়াম ইত্যাদি থাকে৷ ডালিমে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ আথ্ৰাইটিছ ৰোগৰ উপশমতো ডালিমে অনন্য ভূমিকা পালন কৰে৷ ডালিমে হাড় মজবুত কৰে, হৃদৰোগৰ সম্ভাৱনা নাইকীয়া কৰে, ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখে, তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়ায়৷ ডালিমে এনিমিয়া আৰু ৰক্তজনিত সমস্যা দূৰ কৰে৷ মুঠতে মানৱ শৰীৰৰ আভ্যন্তৰীণ স্বাস্থ্য বজাই ৰখাত ডালিমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এইবাৰ আহো ছালৰ প্ৰসংগলৈ৷ ডালিমে কেনেদৰে ছালৰ উপকাৰ সাধন কৰে এই সন্দৰ্ভতো গৱেষণাত ওলাইছে বহুতো নতুন নতুন তথ্য৷ বিশেষজ্ঞৰ মতে ডালিমে ত্বক পৰিষ্কাৰ কৰাত বিশেষ সহায় কৰে৷ ডালিমত থকা ফ্লাভোনয়েড আৰু পিউনিক এছিডে ত্বকৰ গুৰিত পুষ্টি যোগায়, ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷ বিশেষকৈ শিশু আৰু যুৱতী মহিলাৰ ছালৰ বাবে ডালিম অত্যন্ত উপকাৰী৷ পৰিষ্কাৰৰ লগে লগে ডালিমে ত্বক মসৃণ কৰে৷ ডালিমৰ পৰা প্ৰস্তুত কৰা স্ত্ৰাব ব্যৱহাৰ কৰিলে আপোনাৰ ছালত পৰিচ্ছন্নতাৰ লগতে কোমলতা আৰু মসৃণতা ফুটি উঠে৷ ডালিমক প্ৰাকৃতিক টনাৰ হিচাপেও ব্যৱহাৰ কৰা যায়৷ ডালিমৰ ৰসৰ লগত আপেল চাইদাৰ ভিনেগাৰ মিশ্ৰণ মুখত লগালে ভাল ফল পোৱা যায়৷ কিন্তু বেছিকৈ মুখত এই মিশ্ৰণ লগাব নালাগে৷ দৈনিক এটাকৈ ডালিম খোৱাত গুৰুত্ব দিলেই যথেষ্ট৷ সেয়েহে নিজকে ‘ফিট’ ৰাখিবৰ বাবে দৈনিক এটাকৈ ডালিম খাওক৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!