24.6 C
Assam
Sunday, June 26, 2022

Featured News

এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা থানাত উত্তপ্ত পৰিস্থিতি; আৰক্ষীক প্ৰহাৰ, জ্বলাই দিলে থানা

Assamese Newsএজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা থানাত উত্তপ্ত পৰিস্থিতি; আৰক্ষীক প্ৰহাৰ, জ্বলাই দিলে থানা
  • বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।
  • আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত হয় পৰিস্থিতি।
  • আনকি একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰে আৰক্ষীকো। জুই লগাই দিয়ে থানাৰ চৌহদ।
  • মৃত যুৱকজনৰ নাম ছফিকুল ইছলাম, ঘৰ বটদ্ৰৱাৰ চালনাবড়ী ।
  • শুকুৰবাৰে মাছৰ পোনা বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে যুৱক জনক ।
  • থানালৈ অনাৰ পিছত যুৱক জনৰ খবৰ লবলৈ আহে পৰিয়ালৰ লোক ।
  • মৃত যুৱকজনৰ পৰিয়ালৰ অভিযোগ মতে, বটদ্ৰৱা আৰক্ষীয়ে হাঁহ দাবী কৰে যুৱকজনক মোকলাই দিয়াৰ নামত ।
  • পৰিয়ালৰ লোকে আৰক্ষীয়ে দাবী কৰা হাঁহ বটদ্ৰৱা আৰক্ষীক দিয়ে যদিও পুনৰ আৰক্ষীয়ে ১০ হাজাৰ টকা দাবী কৰে বুলি জনাইছে।
  • পিছত পৰিয়ালৰ লোকে যুৱক জনক থানত দেখা নাপাই পৰিস্থিতি উত্তপ্ত কৰি তোলে।
  • আৰক্ষীয়ে জনাই যে যুৱক জনক সংকটজনক অৱস্থাত চিকিৎসাধীন কৰা হৈছে যদিও ইতিমধ্যে যুৱকজনৰ মৃত্যু হয় ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: