মৰিগাঁওত নিৰ্মাণ কৰা হৈছে লকডাউন পাৰ্ক, কিন্তু কিয়

1 min read

বিশ্বজুৰি আতংকৰ অন্য নাম হৈ পৰিছে কোভিড-১৯। এই ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰততো কেন্দ্ৰীয় চৰকাৰে দুমাহ পূৰ্বে ঘোষণা কৰিছিল সম্পূৰ্ণ লকডাউন। এই লকডাউন ৰ সময়ছোৱাত সমগ্ৰ দেশৰ লগতে ৰাজ্য খনতো দেখা গৈছিল এক পৃথক পৰিবেশ। সামাজিক দূৰত্বৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীৰ জীৱন আচৰিত ধৰণে পৰিৱৰ্তন হয় পৰিছিল। বহুজনে এই সময়ছোৱাত তীব্ৰ মানসিক অৱসাদ ত ভোগাৰ বিপৰীতে আন একাংশই আকৌ নতুন ধৰণে জীৱনটোক চাবলৈ প্ৰচেষ্টা চলাইছিল।

মৰিগাঁও চহৰৰ নাতিদূৰৰ গছৰগুৰি অঞ্চলৰ এক ঐতিহ্যমণ্ডিত অনুষ্ঠান ত্ৰিবেণী সংঘৰ মুখ্য উপদেষ্টা জয়ন্ত ডেকা , সভাপতি ভুৱনেশ্বৰ ডেকা, সম্পাদক শশী বৰা ৰ নেতৃত্বত স্থানীয় সমাজ সচেতন যুৱক সকলে লকডাউন ৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে প্ৰকৃতি সুৰক্ষাৰ এক বার্তা বিলুৱাৰ উদ্দেশ্যে গছৰগুৰি খেল পথাৰৰ সমীপতে নিৰ্মান কৰি উলিয়ালে এখন তোক ধুনীয়া উদ্যান যাৰ নাম দিয়া হল লকডাউন পার্ক। লকডাউনৰ সময়ছোৱাত এই অঞ্চলৰ সচেতন যুৱক দিগন্ত ডেকা, মামু বৰদলৈ, ৰাজু ডেকা,মদন ডেকা, নৱ জ্যোতি ডেকা আদিয়ে নিজৰ শাৰীৰিক পৰিশ্ৰমৰ বিনিময়ত সাজি উলিয়ালে এই পাৰ্ক খন। (NIYOMIYA BARTA)

You May Also Like

More From Author