ছেমি ফাইনেলত লাভলিনা মুখামুখি হ’ব তুৰ্কীৰ বুছেনাজৰ, জানি লওক কোন কিমান শক্তিশালী!

1 min read

ইতিহাস ৰচি টকিঅ’ অলিম্পিক (Tokyo Olympics 2020)ৰ ছেমিফাইনেলত প্ৰবেশ কৰা অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ পৰা এতিয়া সোণৰ পদক আশা কৰিছে সমগ্ৰ দেশবাসীয়ে।

৪ আগষ্টত হ’ব ছেমি ফাইনেল খেল। দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব ছেমিফাইনেল খেলখন।

বিশ্বৰ দুই নম্বৰ ৰেংকিঙৰ খেলুৱৈ চাইনীজ টাইপেইৰ বক্সাৰ নিয়েন চিন চেনক ৪-১ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে অসম কন্যা লাভলীনাই।

ছেমিত লাভলীনাৰ বিপক্ষে থাকিব তুৰ্কী (Turky)ৰ খেলুৱৈ বুছেনাজ ছাৰমেনেলি (Busenaz Surmeneli)। বুছেনাজে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছে ইউক্ৰেইনৰ আন্না লিছেংকোক। লিছেংকোক ৫-০ পইণ্টৰ ব্য়ৱধানত পৰাস্ত কৰিছে বুছেনাজে।

প্ৰতিপক্ষ বুছেনাজ ছাৰমেনেলি হৈছে ৫ ফুট ৭ ইঞ্চি উচ্চতাৰ তুৰ্কিছ খেলুৱৈ। বুছেনাজে ২০১৯ চনত ৰাছিয়াত উলান উড়েত আয়োজিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিছিল। ইউৰোপিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। লক্ষণীয় কথাতো হৈছে টকিঅ’ অলিম্পিকৰ দুয়োখন খেলতে বুছেনাজে প্ৰতিপক্ষক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰিছে। অৰ্থাৎ প্ৰতিপক্ষক এক পইণ্ট লোৱাৰো সুযোগ দিয়া নাই বুছেনাজে। কেৰিয়াৰৰ ২১খন খেলৰ ভিতৰত ১৬ খনতে জয়লাভ কৰা আৰু মাত্ৰ ৫ খনত পৰাজিত হোৱা বুছেনাজৰ ৰেকৰ্ড যথেষ্ট শক্তিশালী।

You May Also Like

More From Author