জি আই টেগ লাভ কৰা গামোচাক অসন্মান, কলগাছিয়াত গামোচা পিন্ধি যুৱতীৰ ‘লুংগী ডাঞ্চ’

জি আই টেগ লাভ কৰা গামোচাক অসন্মান, কলগাছিয়াত গামোচা পিন্ধি যুৱতীৰ ‘লুংগী ডাঞ্চ’

কেইদিনমান পূৰ্বে অসমীয়াৰ আৱেগ, অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিছিল জি আই টেগ ৷ জি আই টেগ লাভ কৰা অসমীয়াৰ স্বাভিমান গামোচাখনক এইবাৰ চৰম অপমান কৰা দেখা গ’ল বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বগুলামাৰীত ৷

বাণিজ্য মেলাৰ নামত অসমীয়া গামোচা পিন্ধি কৰা দৃষ্টিকটু, উন্মাদ নৃত্যই ব্যথিত কৰিছে বহুতকে ৷ বি কে এল চি যুৱ সমাজৰ উদ্যোগত আয়োজিত বাণিজ্য মেলাৰ সাংস্কৃতিক অনুষ্ঠানৰ ঘটনা এয়া ৷ মুকলি মঞ্চত এগৰাকী যুৱতীয়ে হিন্দী গীতত কৰা এই উদ্দাম নৃত্যই হতচকিত কৰিছে অসমৰ সচেতন ৰাইজক ৷

কলগাছিয়াৰ দৰে ঠাইত সাংস্কৃতিক সন্ধিয়াৰ নামত বেপৰোৱা অনুষ্ঠান আয়োজনৰ মূল উদ্দেশ্য আচলতে কি তাকো লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ ৷ দূৰ-দূৰণিৰ পৰা ভাড়া কৰি অনা লোকৰ দ্বাৰা আয়োজিত এনে অনুষ্ঠান দুই এবাৰ এইখন অসমত নঘটা নহয়৷ পূৰ্বে ঘটা ঘটনাসমূহৰ পৰা শিক্ষা নোলোৱাটোহে উদ্বেগজনক হিচাপে বিবেচিত হৈছে ৷

কলগাছিয়াৰ এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰুক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে। তেওঁ কয়- “এনেকুৱা যদি ঘটনা ঘটিছে সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক৷ আমাৰ সভ্যতা-সংস্কৃতিয়ে এইবোৰ কথা নকয় ৷ যিকোনো অনুষ্ঠান এটা পৰিয়ালে একেলগে উপভোগ কৰিব পৰা হ’ব লাগে ৷ গামোচাখনৰ সন্মান অক্ষুণ্ণ ৰখা আমাৰ সকলোৰে দায়িত্ব৷ যিকোনো অনুষ্ঠানতেই নগ্নতাৰ পয়োভৰ গ্ৰহণযোগ্য হ’বই নোৱাৰে ৷” বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও ৷

GTM Desk