উপনিৰ্বাচনৰ পূৰ্বে পুনৰ লাইম লাইটত লুৰীণ জ্যোতি গগৈ

উপনিৰ্বাচনৰ পূৰ্বে পুনৰ লাইম লাইটত লুৰীণ জ্যোতি গগৈ

উপ নিবাৰ্চনক লৈ শাসক দল বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সমান্তৰালভাৱে অসম জাতীয় পৰিষদেও তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পিছতে এক সংবাদমেল সম্বোধন কৰে দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ৷ এই সভাত বিগত বিধান সভা নিৰ্বাচনত পৰাজয় হোৱাৰ কাৰণ সমূহ সন্দৰ্ভতো পৰ্যালোচনা কৰাৰ কথা অৱগত কৰে গগৈয়ে । এই সংবাদমেলৰ যোগেদিয়েই চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে লুৰীণ ।

ইফালে, সংবাদমেলত ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে লুৰীণ জ্যোতি গগৈয়ে । নন্দিতা শইকীয়াৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰে নন্দিতা শইকীয়াৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰো দাবী জনায় তেওঁ ।

আনহাতে, শনিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকী থাওৰাত উপস্থিত হৈ দলৰ সাংগঠনিক স্থিতি সম্পৰ্কে বুজ লৈছিল । ইয়াৰ পাছতে থাওৰা সমষ্টিৰ ডিমৌত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে সংবাদমেল সম্বোধন কৰি বিধায়ক হৈয়ো দল বাগৰা সুশান্ত বৰগোহাঁইক নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰে ।

তেওঁ লগতে কয়, সুশান্ত বৰগোহাঁয়ে থাওৰা সমষ্টিৰ ভোটাৰক অপমান কৰিছে । কংগ্ৰেছৰ মাজতে বিজেপিৰ এজেন্ট আছিল আৰু সেই এজেন্ট সমূহ এতিয়া বিজেপিলৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে । উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত থাওৰা সমষ্টিৰ ডিমৌত শনিবাৰে অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক সভাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখযোগ্য যে, 2021 চনৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে কোনো ৰাষ্ট্ৰীয় দলৰ সৈতে অসম জাতীয় পৰিষদে মিত্ৰতা নকৰাৰ কথা কৈছিল ৷ যদিও বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত উপ-নিৰ্বাচন হ’বলগীয়া কোনোবা এটা সমষ্টিত জাতীয় পৰিষদৰ এজন প্ৰাৰ্থী দিয়াৰ পোষকতা কৰি আওপকীয়াকৈ বিৰোধী দলসমূহৰ সৈতে মিত্ৰতাৰ কথাকে কৈছে লুৰীণ জ্যোতি গগৈয়ে । অৱশ্যে, দলটোৰ এই নতুন ৰণকৌশলে জাতীয়তাবাদৰ ৰাজনীতিক আগন্তুক সময়ত কি ফল দিয়ে সেইয়া হ’ব লক্ষণীয় ৷

GTM Desk