22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

শুকুৰবাৰে ভুলতো নকৰিব এইবোৰ কাম! ঘৰৰ সুখ-শান্তি নোহোৱা হয়

Assamese Newsশুকুৰবাৰে ভুলতো নকৰিব এইবোৰ কাম! ঘৰৰ সুখ-শান্তি নোহোৱা হয়

হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিন এজন দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ নামত উচৰ্গা কৰা হয়। এই দিনটোত মা লক্ষ্মীক সঠিকভাৱে পূজা কৰিলে ঘৰত সুখ, সমৃদ্ধি আৰু শান্তিৰ অভাৱ নহয়। জ্যোতিষৰ মতে শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু বহু সময়ত অজানিতে কিছুমান মানুহে এনে ভুল কৰে যাৰ বাবে দেৱী লক্ষ্মীৰ খং উঠে। শুকুৰবাৰে কোনবোৰ কাম কৰিব নালাগে, লগতে কোনবোৰ কামৰ বাবে কৰি দেৱী লক্ষ্মীক সুখী কৰিব পাৰি জানি লওক।

শুকুৰবাৰে এই কাম নকৰিব

১) জ্যোতিষৰ মতে শুকুৰবাৰে ধনৰ লেনদেন পৰিহাৰ কৰিব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে দেৱী লক্ষ্মীৰ খং উঠে।

২) শুকুৰবাৰে কাকো চেনি নিদিব। বিশ্বাস কৰা হয় যে এনে কৰিলে শুক্ৰ গ্ৰহ ৰাশিফলত দুৰ্বল হৈ পৰে।

৩) ফটা আৰু লেতেৰা কাপোৰ শুকুৰবাৰে পৰিধান কৰিব নালাগে। কাৰণ এনে কৰিলে ৰাহু দুৰ্বল হৈ পৰে।

৪) শুকুৰবাৰে সম্পত্তিৰ সৈতে জড়িত কাম পৰিহাৰ কৰিব লাগে। শুকুৰবাৰে সম্পত্তি ক্ৰয় কৰিলে লোকচান হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

৫) শুকুৰবাৰে পাকঘৰ আৰু পূজাৰ লগত জড়িত বস্তু কিনাৰ পৰা বিৰত থাকক। জ্যোতিষৰ মতে এই দিনটোত এনে কৰিলে আশীৰ্বাদ পোৱা নাযায়।

শুকুৰবাৰে এইবোৰ কিনিব লাগে

১)জ্যোতিষৰ মতে শুকুৰবাৰে নতুন কাপোৰ কিনিব লাগে। এই কাম কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় আৰু ঘৰলৈ সুখ-সমৃদ্ধি আহে।

২) শুকুৰবাৰে বগা বা ৰূপালী ৰঙৰ বাহন ক্ৰয় কৰাটো শুভ। এনে কৰিলে শুক্ৰ ৰাশিফলত শক্তিশালী হৈ উঠে।

৩) শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ নামত উৎসৰ্গা কৰা হৈছে। সেইবাবেই এই দিনটোত সৌন্দৰ্য্য আৰু সজ্জাৰ লগত জড়িত বস্তু কিনাটো শুভ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!