দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল : বনাঞ্চল কাটি অগ্নি সংযোগ

1 min read

অসম চৰকাৰৰ উদাসীনতাৰ বাবেই অসমৰ মাটিত নগাই অবাধ বেদখল চলাবলৈ সাহস কৰিছে। অসমৰ ইখনৰ পিছত সিখন ঠাইত চলাই গৈছে অবাধ বেদখল। মৰিয়নিৰ অসম নগালেণ্ড সীমামূৰীয়া অঞ্চলৰ অসমৰ অধিকাংশ মাটি নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে। আজি পুৰুষ মহিলা সমন্বিতে ৩০-৪০জনীয়া নগাৰ এটা দলে অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাটি বেদখলৰ চেষ্টা চলায়। দলটোৱে নগাজাংকা চাহ বাগিচাৰ বৰ লাইনৰ সমীপৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ এক বিস্তৃত অঞ্চলৰ হাবি বননি কাটি মুকলি কৰাৰ ওপৰিও তাত অগ্নি সংযোগ কৰে।সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ধোঁ‌ৱা দেখি স্থানীয় লোকে তাৰ উৎস বিচাৰি গৈ নগাৰ বেদখল কাৰ্য্য প্ৰত্যক্ষ কৰে। তাৰ পিছতেই স্থানীয় ৰাইজে বন বিভাগ আৰু মৰিয়নিৰ আৰক্ষীক খৱৰ দিয়ে। মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত উক্ত স্থানত তাৰ পিছতেই মৰিয়নিৰ আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হয়গৈ। আৰক্ষী, বন বিভাগৰ লোকৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি নগাৰ দলটোৰ একাংশ পলাই যায়। অৱশ্যে মহিলা সহ প্ৰায় ১৪ জন লোক সেই সময়ত তাত আছিল। হাতে হাতে দা আদি থকা নগা পুৰুষ মহিলাৰ দলটোৰ একাংশই স্থানীয় লোকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। আনকি সাংবাদিকৰ কেমেৰা দেখি কেমেৰা নকৰিবলৈ ধমক দিয়াৰ উপৰিও হাতত থকা দা দেখুৱাই ভাবুকি প্ৰদান কৰে। ইফালে, উক্ত স্থানত তেওঁলোকৰ খেতি আছে বুলিহে সদম্ভে দাবী কৰে নগাৰ দলটোৱে। অৱশ্যে অ স্থানীয় লোকৰ তীব্ৰ বাক্যবাণত নগাৰ দলটো সেই স্থানৰ পৰা আঁ‌তৰি গৈ জানখনা জান পাৰ হৈ অৱস্থান কৰেগৈ। তাৰ পৰাই স্থানীয় লোকক উদ্দেশ্যি চিঞৰি চিঞৰি বিভিন্ন মন্তব্য দি থাকে নগাৰ দলটোৱে। উল্লেখযোগ্য যে তিনিখন মাৰুতি ভেন আৰু এখন মাৰুতি কাৰসহ মুঠ চাৰিখনকৈ চাৰি চকীয়া বাহন আৰু কেবাখনো দুচকীয়া বাহনত নগাৰ দলটো আহিছিল। কিন্তু যোৱাৰ সময়ত তিনিখন চাৰিচকীয়া বাহন লৈ যায় যদিও এখন বাহন এৰি থৈ যায়।

বন বিভাগে ইতিমধ্যে এ এছ ০৬- বি ৯২৭৪ নম্বৰৰ মাৰুতি ভেনখন জব্দ কৰিছে। মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ খণ্ড বন বিষয়া ভাস্কৰ বৰগোঁ‌হাই আদি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বন বিভাগৰ মতে প্ৰায় দুই হেক্টৰ অঞ্চলৰ বনাঞ্চলৰ সৰু বৰ গছ কাটে নগাৰ দলটোৱে। আনহাতে, সেই অঞ্চলৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ মান আঁ‌তৰত আও চেনদেন নামৰ নগা বস্তিখন অৱস্থিত। উক্ত নগা বস্তিখনৰ পৰা অহা নগালোকেই এই বেদখল চলোৱাৰ প্ৰচেষ্টা চলোৱা বুলি সন্দেহ কৰা হৈছে। ইফালে, আজি কাটি তহিলং কৰা স্থানত অসমৰ বন বিভাগে গছ পুলি ৰোপণ কৰাৰ লগতে বাঁহ ৰোপণ কৰিছিল বুলি বন বিভাগৰ সূত্ৰই জানিবলৈ দিছে। এই ঘটনাই আজি সমীপৰ নাগাজাংকা চাহ বাগিচাৰ লোকৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে বৰ লাইন অঞ্চলৰ লোকসকল আতংকিত হৈ পৰিছে। লক্ষণীয় যে, আজি বনাঞ্চল ধ্বংস কৰা স্থানৰ পৰা কিছু নিলগতেই দুবছৰ পূৰ্বে জানখনা নৈৰ সমীপত সশস্ত্ৰ নগা আৰক্ষীৰ শিবিৰ স্থাপন কৰিছিল। এইবাৰ তাতকৈও আগবাঢ়ি আহি নাগাজাংকা চাহ বাগিচাৰ লাইনৰ পৰা কিছু আঁ‌তৰতেই নগাই অসমৰ বনাঞ্চলত আগ্ৰাসন চলাইছে। এতিয়া প্ৰশাসন, আৰক্ষী আৰু বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে তালৈ সকলোৰে দৃষ্টি থাকিব।

You May Also Like

More From Author