24.7 C
Assam
Monday, June 27, 2022

Featured News

Assam’s Nobojit Narzary is DID Little Masters Season 5 winner

Dance India Dance Li'l Masters Season 5 concluded...

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁৱৰ জাগীয়ালত পুৰুষোত্তম আঞ্চলিকৰ মাধৱদেৱৰ ৫৩৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

Assamese Newsশ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁৱৰ জাগীয়ালত পুৰুষোত্তম আঞ্চলিকৰ মাধৱদেৱৰ ৫৩৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

“অসামন্য প্ৰতিভাৰ আকৰ সৰ্ব গুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান সহযোগী মাধৱদেৱ আছিল অনেক গুণৰ সমন্বয়ৰে গুণবান আৰু অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী । দুয়োজনা মহাপুৰুষ এজন আনজনৰ পৰিপূৰক । শংকৰ-মাধৱ অভিন্ন পৰম বান্ধৱ ।” শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ পুৰুষোত্তম আঞ্চলিক শাখাৰ উদ্যোগত,নিজ জাগীয়াল প্ৰাথমিক শাখাৰ আতিথ্যত আৰু নিকটৱৰ্তী প্ৰাথমিক শাখাৰ সহযোগত কালিৰে পৰা উদযাপিত ৫৩৪ সংখ্যক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ মুকলি ধৰ্মালোচনী সভাত আজি এই মন্তব্য কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই । পুৰুষোত্তম আঞ্চলিকৰ সভাপতি যোগেন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাত বৰাই আৰু কয় যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অৱদানেৰে অসমীয়াই আত্ম পৰিচয় লাভ কৰিছে ।

পুৰুষোত্তম আঞ্চলিকৰ প্ৰাক্তন সভাপতি ৰাজেন শইকীয়াই আঁত ধৰা ধৰ্মালোচনী সভাখনি উদ্বোধন কৰে আঞ্চলিকৰ সম্পাদক প্ৰদীপ ডেকাই । দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৃন্দাবন বৰা,সংঘৰ শিক্ষা শাখাৰ মূলৰ সদস্য প্ৰফুল্ল চন্দ্ৰ বৰা আৰু মূলৰ সদস্য ত্ৰৈলোক্য বৰুৱাই মহাপুৰুষ মাধৱদেৱৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে । শিশু শিল্পী ৰশ্মি পাটৰে বৰগীতৰে শুভাৰম্ভ কৰা মুকলি ধৰ্মালোচনী সভাখনিত সমাজকৰ্মী বাবুলি শইকীয়া,সংঘৰ আইমাতৃ কল্যাণ সমিতিৰ প্ৰাক্তন সম্পাদিকা ইন্দিৰা ৰাজকুমাৰী, শংকৰী কলাকৃষ্টিৰ সাধক কুশীৰাম বৰুৱা,অনিল বৰা,ৰূপন হাজৰিকা,খগেন পাটৰ,মুনীন্দ্ৰ কোঁৱৰকে ধৰি বিভিন্ন শাখাৰ পৰা অহা ভকত-বৈষ্ণৱ আৰু আই মাতৃসকল উপস্থিত থাকে । দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত আবিৰ্ভাৱ মহোৎসৱৰ আজি পুৱা প্ৰাতঃপ্ৰসংগ,পৰিৱেশ নিকাকৰণৰ পাছতে পতাকা উত্তোলন কৰে আঞ্চলিকৰ সভাপতি যোগেন চন্দ্ৰ বৰাই । ইয়াৰ পাছতে নাম প্ৰসংগ কৰা হয় । মুকলি ধৰ্মালোচনী সভাৰ অন্তত সাহিত্য আৰু কৃষ্টি প্ৰতিযোগিতাৰ বঁটা বিতৰণ, ধৰ্মধ্বজা অৱতৰণ আৰু বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে । উল্লেখযোগ্য যে নিজ জাগীয়াল বুঢ়া নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰত প্ৰাংগণত আয়োজিত এই আৰ্বিভাৱ মহোৎসৱৰ কালি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰাতঃ প্ৰসংগ,পৰিবেশ নিকাকৰণ,নাম প্ৰসংগৰ পাছতে শিশুৰ বাবে সাহিত্য আৰু কৃষ্টি প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ চিত্ৰাংকন,নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । দুটা শাখাত অনুষ্ঠিত “মাধৱদেৱৰ গুৰুসেৱা” বিষয়বস্তু শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ “ক” শাখাত নিষ্ঠা ৰাজকুমাৰী (সৰ্বানন্দ প্ৰাথমিক শাখা)য়ে প্ৰথম, ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জুৰিমণি শইকীয়াই দ্বিতীয় আৰু ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰ জীমণি বৰা আৰু দেৱাশীষ বৰাই যুটীয়াভাৱে তৃতীয় স্থানৰ বিপৰীতে “খ” শাখাত শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ধৃতিমা ৰাজকুমাৰী (সৰ্বানন্দ প্ৰাথমিক শাখা)য়ে প্ৰথম আৰু আৰ্য জাতীয় বিদ্যালয়ৰ বনশ্ৰী বৰা (মুক্তিয়াৰ আতা প্ৰাথমিক)ই দ্বিতীয় স্থান অধিকাৰ কৰে । কুইজ প্ৰতিযোগিতাত এছ কে বি এল নেহৰু মধ্য ইংৰাজী বিদ্যালয়ৰ সুভাষ ডেকাৰজা,ৰূপান্তৰ ডেকাৰজা আৰু ৰিতুৰাজ ডেকা(শংকৰদেৱ দল)ই প্ৰথম, শিল্পী শিখা বৰা,জ্যোতিষ্মিতা বৰা আৰু ধন্যাশ্ৰী ডেকা (মাধৱদেৱ দল)ই দ্বিতীয় আৰু ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰ কস্তুৰী বৰা,মৃগাংক হাজৰিকা আৰু তন্ময় দাসে(নৰহৰি দল) তৃতীয় স্থান অধিকাৰ কৰে । “এজন বায়ন আৰু এজন গায়ন” শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাত এছ কে বি এল নেহেৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ৰিতুৰাজ শইকীয়াই প্ৰথম,ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰে দেৱাশীষ বৰাই দ্বিতীয় আৰু ৰাতুল পাটৰে তৃতীয় স্থান অধিকাৰ কৰে । পুৰুষোত্তম আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি ৰাজেন শইকীয়াই উদ্বোধন কৰা সাহিত্য প্ৰতিযোগিতাখনিত সঞ্চালকৰূপে উপস্থিত থাকে বুঢ়াগোঁহাই নামঘৰ নিৰ্মাণ সমিতিৰ সভাপতি ৰূপধৰ বৰা। ইয়াৰ পাছতে ঘোষা পাঠ,শিশুৰ বাবে প্ৰাৰ্থনা,যুৱক-যুৱতী আৰু আইমাতৃৰ বাবে শৰণ,ভজন, দুলড়ী আৰু লেচাৰীৰ লগতে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । মাধৱদেৱ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৃহত্তৰ জাগীয়াল অঞ্চলটিত এক ধৰ্মীয় তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় । সন্ধ্যা অনিল চন্দ্ৰ বৰাৰ বন্তি প্ৰজ্বলনৰ অন্তত আৰু ভাগৱত পাঠ কৰা হয় । বোলেশ্বৰ হাজৰিকাই পাঠচাৰ্যৰূপে উপস্থিত থকা ভাগৱত পাঠত ঘন ডেকা,ৰমেশ বৰা আৰু দিলীপ দাসে ব্যাখ্যাকাৰক ৰূপে উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: