24.6 C
Assam
Sunday, June 26, 2022

Featured News

শিলপুখুৰীত দুই ড্ৰাগছ মাফিয়া আটক

Assamese Newsশিলপুখুৰীত দুই ড্ৰাগছ মাফিয়া আটক

নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰূপে পৰিচিত ধিং আৰক্ষী থানাৰ সীমান্তৱৰ্তী কটহগুৰি, বড়িবজাৰ আৰু টুকটুকী আৰক্ষী চকীৰ অন্তৰ্গত শিলপুখুৰীৰ ভিতৰুৱা অঞ্চলত আজি দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় চলাই থকা এক বৃহৎ চক্ৰ আৰক্ষীৰ জালত পৰে । প্ৰাপ্ত বাতৰি মতে মৰিগাঁও আৰু মিকিৰভেটা আৰক্ষীৰ এটি দলে আজি এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়িবজাৰ আৰক্ষী পহৰা চকীৰ শিলপুখুৰীৰ পৰা দুটা ড্ৰাগছ মাফিয়াক আটক কৰে । আটক কৰা ড্ৰাগছ মাফিয়া দুটা হৈছে মিত্যাবুৰ ৰহমান ওৰফে মিতি আৰু ছহিদুল ইছলাম । আৰক্ষী অতি কৌশলেৰে ছদ্মবেশত আহি আটক কৰা দুই মাফিয়াৰ পৰা ২.১৯ গ্ৰাম ড্ৰাগছ, ৬টা কণ্টেইনাৰ আৰু ৬টা চাধা টেমাসহ ভৰ্তি ড্ৰাগছখিনি উদ্ধাৰ কৰে । বাতৰি লিখা সময়লৈকে দুই মাফিয়াক আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: