20.7 C
Assam
Saturday, May 21, 2022

Featured News

Centre alerts NCDC, ICMR on monkeypox: Sources

Issuing an alert to the National Centre...

Shah on two-day visit to Arunachal from Saturday

Union Home Minister Amit Shah will inaugurate...

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

নতুন অসম নিৰ্মাণৰ দিশে ধাৱমান চৰকাৰ

Assamese Newsনতুন অসম নিৰ্মাণৰ দিশে ধাৱমান চৰকাৰ

ৰাজ্যত ইতিহাস সৃষ্টি কৰি আজি একেদিনাই ২২,৯৫৮টা পদৰ বিপৰীতে অসম চৰকাৰে নিযুক্তি-পত্ৰ প্ৰদান কৰে৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বৃহৎ নিযুক্তি সমাৰোহৰ জৰিয়তে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰ প্ৰদান কৰে৷

মুখ্যমন্ত্ৰীয়ে ১৭ গৰাকী প্ৰাৰ্থীক নিজহাতে নিযুক্তি-পত্ৰ প্ৰদান কৰে আৰু বাকীসকল প্ৰাৰ্থীক সংশ্লিষ্ট বিভাগসমূহে নিজ নিজ কাৰ্যালয়ত বিতৰণ কৰে৷ দুই-এটা বিভাগৰ প্ৰাৰ্থীয়ে ৱেবছাইটৰ পৰা নিযুক্তি-পত্ৰ সংগ্ৰহ কৰে৷

উল্লেখযোগ্য যে আজি ২২,৯৫৮টা পদৰ বিপৰীতে প্ৰাৰ্থীসকলক নিযুক্তি দিয়া বিভাগকেইটা হ’ল ক্ৰমে গৃহ, প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, উচ্ছ শিক্ষা, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, সমাজ কল্যাণ, স্বাস্থ্য, কৃষি, পৰিৱেশ আৰু বন, লোক নিৰ্মাণ [পথ] খনি আৰু খনিজ পদাৰ্থ আৰু শ্ৰমিক কল্যাণ বিভাগ৷ এই ১১টা বিভাগৰ ভিতৰত গৃহ বিভাগত সৰ্বাধিক পদত নিযুক্তি দিয়া হয়৷

বিভাগীয় মন্ত্ৰীসকলৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিযুক্তি-পত্ৰ প্ৰদান কৰি দিয়া ভাষণত কয় যে নিৰ্বাচনৰ সময়ত ৰাজ্যৰ নিবনুৱাসকলক এক লাখ নিযুক্তি আৰু ২ লাখক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু আজি তাৰ অংশ হিচাপে ২২,৯৫৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়৷

আনহাতে বিগত বৰ্ষৰ ১০ মে’ত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাছত ৪৭৭৯টা নিয়মীয়া পদত নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি বছৰটোত প্ৰায় ২৮ হাজাৰ পদত নিযুক্তি হোৱাৰ কথা প্ৰকাশ কৰে৷ ইফালে ১৫ জুলাইৰ ভিতৰত স্বাস্থ্য আৰু আৰক্ষী বিভাগত পুনৰ ৭-৮ হাজাৰ পদত নিযুক্তি দিয়াৰ লগতে জুলাইৰ শেষত নতুন নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীযে আজি ঘোষণা কৰে৷

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এক লাখ পদত নিযুক্তি দিয়া সম্পন্ন হোৱাৰ দিনাখন নিযুক্তি পোৱা এক লাখ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰি এখন কিতাপ প্ৰকাশ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত এক লাখ নিযুক্তি দিব নোৱৰাৰ বাবে বিৰোধীয়ে কৰা সমালোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কভিডকালীন সময়ছোৱাত চৰকাৰে আন কথা ভাবিবই পৰা নাছিল৷ কেনেকৈ জনতাৰ প্ৰাণৰক্ষা কৰিব পাৰে, তাৰ বাবে চৰকাৰখন দিনে-নিশাই ব্যস্ত আছিল৷

কিন্তু যেতিয়া কভিডকালীন পৰিস্থিতি ক্ৰমাৎ শিথিল হয়, তেতিয়াই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ কাম আৰম্ভ কৰে৷ সেইমৰ্মে অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ লগতে মাইক্ৰ’ফাইনেন্সৰ হিতাধিকাৰীক আৰ্থিক সকাহ দিয়া কাৰ্য আৰম্ভ কৰে৷ সমান্তৰালকৈ নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰি আজিৰ দিনটোত এই বৃহৎ সফলতা লাভ কৰা বুলি তেওঁ মন্তব্য কৰে৷

এই বৃহৎসংখ্যক নিযুক্তি একেদিনাই প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই নিযুুক্তি প্ৰক্ৰিয়াত কোনো এজন প্ৰাৰ্থীয়ে এটকাও ঘোচ দিব লগা হোৱা নাই৷ ২০১১ চনত শিক্ষা মন্ত্ৰী হৈ থাকোঁতেই তেতিয়া টে’ট শিক্ষক নিযুক্তিৰে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও দুই-এটা বিভাগত কিছু খেলিমেলি হৈ আহিছিল৷

এতিয়া তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অতি স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়াটো আগুৱাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে৷ আজি নিযুক্তি লাভ কৰা জ্জ্ব,৮৬৭ গৰাকী আৰক্ষীৰ বিভিন্ন পদৰ প্ৰাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে নতুন নিযুক্তি লাভ কৰা আৰক্ষীসকল আদৰ্শ হওক৷ এইসকল আৰক্ষী অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰু দুখীয়াৰ বিৰুদ্ধে নমনীয় হ’ব লাগিব৷

কেতিয়াও দুখীয়া লোকৰ ওপৰত লাঠীচালনা নকৰোঁ বুলি প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব৷ ইফালে শিক্ষা বিভাগত নিযুক্তি পোৱা শিক্ষকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে সোঁতৰ বিপৰীতে হৈ দুখীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষাদানত ব্ৰতী হ’ব লাগিব৷ কাৰণ কভিডকালীন সময়ত দুখীয়া ছাত্ৰ-ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছিল৷

ঘৰত ম’বাইল ফ’ন নথকাত অনলাইন সেৱাৰ জৰিয়তে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছিল৷ গতিকে তেনে ছাত্ৰ-ছাত্ৰীক পাঠদানত দায়িত্ববোধৰ পৰিচয় দিবলৈ তেওঁ আজি নিযুক্তি পোৱা শিক্ষকসকলক আহ্বান জনায়৷ কেৱল মুখ্যমন্ত্ৰীয়ে অসমৰ ভাগ্য পৰিৱৰ্তন কৰিব নোৱাৰে, ইয়াৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন বুলি মন্তব্য কৰি লগতে কয় যে আজি চৰকাৰখনে নতুন অসম নিৰ্মাণৰ দিশে ধাৱমান হৈছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অজস্ৰ পৰিকল্পনা গ্ৰহণ কৰিছে আৰু সেই পৰিকল্পনাই ৰাজ্যখনক আগুৱাই নিয়াত চৰকাৰক প্ৰেৰণা যোগাইছে বুলিও তেওঁ মন্তব্য কৰে৷ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছতাৰে সম্পন্ন কৰিবলৈ বিষয়া-কৰ্মচাৰীৰ সদিচ্ছা থাকিবই লাগিব বুলিও মন্তব্য কৰি কয় যে একাংশ বিষয়া-কৰ্মচাৰীৰ নিকৃষ্ট চিন্তা-চৰ্চাৰ বাবেও নিযুক্তিত খেলিমেলি হয়৷

নিযুক্তি দিয়াৰ পূৰ্বে একাংশ বিষয়া-কৰ্মচাৰীয়ে বাছনী তালিকা লৈ প্ৰাৰ্থীৰ সৈতে দৰ-দাম কৰা আৰম্ভ কৰে বুলিও তেওঁ ৰাজহুৱাকৈ মন্তব্য কৰে৷ চাকৰি পোৱাৰ পৰা বঞ্চিত একাংশ প্ৰাৰ্থীৰ আদালতৰ কাষ চপাৰ এটা প্ৰৱণতা সৃষ্টি হোৱাৰ প্ৰসংগ উত্থাপন কৰি কয় যে চাকৰি পোৱাজনৰ বিৰুদ্ধে ঈৰ্ষান্বিত হৈহে বঞ্চিত প্ৰাৰ্থীয়ে আদালতৰ কাষ চাপে৷

এনে প্ৰৱণতা বন্ধ হোৱা উচিত বুলিও মুখ্যমন্ত্ৰীয়ে মত ব্যক্ত কৰে৷ আজিৰ এই সমাৰোহত মুখ্যমন্ত্ৰীয়ে ১৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰাৰ পাছত আন প্ৰাৰ্থীসকলে সংশ্লিষ্ট বিভাগ আৰু ৱেবছাইটৰ পৰা নিযুক্তি-পত্ৰ সংগ্ৰহ কৰে৷ আৰক্ষীত নিযুক্তি পোৱা প্ৰাৰ্থীসকলৰ ১৮ মে’ৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ’ব বুলিও সদৰী কৰে৷

আজিৰ এই নিযুক্তি সমাৰোহত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ৰঞ্জিত কুমাৰ দাস, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু, পৰিমল শুক্লবৈদ্য, সঞ্জয় কিষাণ, যোগেন মহন, পীয়ুষ হাজৰিকা উপস্থিত থাকে৷ নিযুক্তি সমাৰোহত ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ দিয়াৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শলাগৰ শৰাই আগবঢ়ায়৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: