মা কামাখ্যাৰ আশিস ল’বলৈ আহিব মমতা বেনাৰ্জী

0 min read

 মা কামাখ্যাৰ আশিস ল’বলৈ অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ কংগ্ৰেছক বাদ দি দেশৰ সকলো বিজেপিবিৰোধী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধ কৰি ২০২৪ ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা তৃণমূল কংগ্ৰেছৰ প্ৰধানগৰাকী মঙলবাৰে উপস্থিত হ’ব গুৱাহাটীত ।

খবৰ অনুসৰি মঙলবাৰে পুৱাতেই বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব মমতা বেনাৰ্জীৰ বিমান । বিমানবন্দৰৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হব নীলাচল পাহাৰলৈ । নীলাচলত উপস্থিত হৈ মা কামাখ্যাৰ চৰণত পূজা আগবঢ়াব পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷

কামাখ্যা মন্দিৰত আশীৰ্বাদ গ্ৰহণ কৰাৰ পিছতে শ্বিলঙৰ অভিমুখে তেওঁ ৰাওনা হ’ব তৃণমূল কংগ্ৰেছৰ প্ৰধানগৰাকী । ইয়াৰ মাজতে অসমৰ তৃণমূল কংগ্ৰেছৰ নেতাসকলৰ সৈতেও তেওঁ এক আলোচনাত মিলিত হ’ব । অৱশ্যে মঙলবাৰে সন্ধিয়াৰ ভাগতেই তেওঁ পুনৰ কলিকতালৈ উভতি যোৱাৰ কথা ।

You May Also Like

More From Author