মুছলিম নাৰীৰো আছে বিবাহ বিচ্ছেদৰ অধিকাৰ

0 min read

 স্বামীয়ে যদি পুনৰ বিবাহ কৰে, তেন্তে এগৰাকী মুছলমান মহিলাৰো বিবাহ বিচ্ছেদৰ অধিকাৰ থকা উচিত৷ লক্ষণীয়ভাৱে মুছলমান সমাজত এয়া স্বামী–স্ত্রীৰ বিবাহ বিচ্ছেদৰ বিষয়টোক সমানভাৱে বিবেচনা কৰা হোৱা নাই৷ নাইবা মহিলাসকলক স্বাধীন জীৱন–যাপনৰ সম্পূর্ণ সুযোগো দিয়া হোৱা নাই৷ অথচ কোৰানত স্ত্রীৰ সমধিকাৰৰ কথা কোৱা হৈছে৷ বিবাহ বিচ্ছেদৰ এক গোচৰত কালি এই কথাই উল্লেখ কৰিছে কেৰালা উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ত থালাছচাৰি অঞ্চলৰ এগৰাকী মহিলাই বিবাহ বিচ্ছেদৰ দাবীত গোচৰ ৰুজু কৰিছিল৷ বিচ্ছেদৰ দাবী কৰি বিচাৰপতিসকলক এই মহিলাই জনায় যে তেওঁৰ স্বামীয়ে পুনৰ বৈবাহিক সম্পর্কত আবদ্ধ হৈছে আৰু পৃথকে সংসাৰো চলাই আছে৷ লক্ষণীয়ভাৱে এই মহিলাক পৰিয়ালে আদালতত বিবাহ বিচ্ছেদৰ গোচৰ তৰাৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিছিল৷ কিন্তু মহিলাই নিজৰ অধিকাৰ আদায়ৰ বাবে আদালতৰ দ্বাৰস্থ হয়৷

You May Also Like

More From Author