27.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

গোৰেশ্বৰত কুঁৱা খান্দি থকা অৱস্থাত মৃত্যু দুই শ্ৰমিকৰ

Assamese Newsগোৰেশ্বৰত কুঁৱা খান্দি থকা অৱস্থাত মৃত্যু দুই শ্ৰমিকৰ

শ্ৰমিক দিৱসৰ আগদিনাই বাঙালীপাৰাত দুজনকৈ শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লয়। কুঁৱা খান্দি থকা অৱস্থাত মৃত্যু দুজন শ্ৰমিকৰ। মৃত লোক দুজন বাঙালীপাৰাৰ চিৰাজ আলী (৪৫) আৰু ৰমজান আলী (২৬)। ঘটনাৰ বিৱৰণী মতে আজি বাঙালীপাৰা চ’কৰ গোবিন্দ চিতলাৰ নামৰ লোকজনৰ ঘৰত কুৱা খান্দিবলৈ প্ৰায় ২০ ফুট দ’ৰ অৰ্ধ খন্দিত কুঁৱাটোত নমাৰ লগে লগে লোক দুজন অচেতন হৈ পৰে। লগে লগে স্থানীয় ৰাইজে এম্বুলেঞ্চ যোগাযোগ কৰে যদিও ঘটনাস্থলীত আহি নোপোৱাত লোক দুজন মৃত্যুমুখত পৰে। ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ভূ-গৰ্ভত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলতে লোক দুজন মৃত্যুমুখত পৰা বুলি ৰাইজে সন্দেহ কৰে। ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰা সময়লৈকে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত নোহোৱাৰ বাবে ৰাইজৰ লগতে স্থানীয় দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!