ভাৰত গৌৰৱ সন্মান লাভ কৰিলে নগাঁৱৰ হালোৱাগাঁৱৰ নীলাঞ্জনা বেজবৰুৱাই

ভাৰত গৌৰৱ সন্মান লাভ কৰিলে নগাঁৱৰ হালোৱাগাঁৱৰ নীলাঞ্জনা বেজবৰুৱাই

সত্ৰীয়া নৃত্য পৰিৱেশনৰে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্বলাবলৈ সক্ষম হ’ল নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই। নগাঁৱৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰা বাবে ” ইণ্ডিয়া প্ৰাওদ বুক অফ ৰেকৰ্ডছে” ভাৰত গৌৰৱ সন্মান প্ৰদান কৰে ।

নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাক এই সন্মানত “ইণ্ডিয়া প্ৰাওদ বুক অফ ৰেকৰ্ডছে” এটা ট্ৰ’ফী,এখন চাৰ্টিফিকেট আৰু এটা ব্ৰঞ্জৰ মেডেল আগবঢ়ায়। ইয়াৰ সমান্তৰালভাৱে ভাৱে শেহতীয়াকৈ নীলাঞ্জনা বেজবৰুৱাই “পিংক এণ্ড ব্লু ৱৰ্ল্ড ৰেকৰ্ডতো” স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি যুৱতী গৰাকী নৃত্য, অভিনয়ৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। এতিয়া নীলাঞ্জনাৰ এই সফলতাত পৰিয়ালৰবৰ্গৰ লগতে গাওঁবাসীও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

Shahnawaz Hamza

Related