মঙ্গলদৈৰ দুগৰাকী শিশু মডেলেৰ সাফল্য….

মঙ্গলদৈৰ দুগৰাকী শিশু মডেলেৰ সাফল্য….

নতুন দিল্লীত inspire group ৰ উদ্যোগত আয়োজিত দেশ বিদেশৰ প্রায় অৰ্ধশতাধিক মডেলৰ অংশগ্রহণৰে অনুষ্ঠিত ফেশ্বন শ্ব প্ৰতিযোগিতাত অসমৰ পৰা ৯ গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰি তিনিটা শাখাত অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মঙ্গলদৈৰ দুগৰাকী শিশু মডেলেও সাফল্য লাভ কৰিবলৈ সক্ষম হয়। মঙলদৈ কৰিমচ’কৰ প্রিয়ম ৱাৰিছাই কিডছ winner খিতাপ অৰ্জন কৰিছে | উল্লেখযোগ্য যে প্রিয়ম ৱাৰিছাই নতুন দিল্লীৰ ওপৰিও কাজিৰঙা আৰু গুৱাহাটীত অনুষ্ঠিত ফেশ্বন শ্বতো সফলতাৰে নিজৰ যোগ্যতা প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে |

ইপিনে মঙলদৈৰ চপাইৰ মেঘনা দত্তয়ো কিডচৰ ১ম ৰানাছ আপ দখল কৰিবলৈ সক্ষম হৈছে। মঙ্গলদৈ দুয়োগৰাকী শিশুৰ এই সাফল্যত মঙ্গলদৈ চহৰৰ লগতে দুয়োখন ঘৰতে এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে।

GTM Desk

Related