25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

সম্প্ৰীতি, মঙলদৈ চহৰৰ মাজমজিয়াত হিন্দু পৰিয়ালে মছজিদ নিৰ্মাণৰ বাবে দান কৰিলে ভূমি

Assamese Newsসম্প্ৰীতি, মঙলদৈ চহৰৰ মাজমজিয়াত হিন্দু পৰিয়ালে মছজিদ নিৰ্মাণৰ বাবে দান কৰিলে ভূমি

মঙলদৈৰ চহৰৰ মাজমজিয়াত সম্প্ৰীতিৰ নিদৰ্শন। সুদীৰ্ঘ ৯০ বছৰ আগতেই মঙলদৈৰ ১নং ৱাৰ্ডৰ বাসিন্দা মংগল লাল দত্ত আৰু  সুৰবালা দত্তই মঙলদৈ চহৰৰ মাজমজিয়াতে এল এন বি ৰোডত মুছলমান ধৰ্মৰ লোকসকলৰ উপাসনাগৃহ মছজিদ সাজিবলৈ  মৌখিকভাৱে দান কৰিছিল ৯ লেছা ভূমি।

সেই মৰ্মেই বৃহত্তৰ মঙলদৈ অঞ্চলৰ মুছলমান ৰাইজে  নিৰ্মাণ কৰিলে মছজিদ। নাম দিলে মঙলদৈ সদৰ জাম্মে মছজিদ। সুদীৰ্ঘ ১৯৩৪ চনতে  সুৰবালা দত্ত তথা তেওঁৰ স্বামী মংগল লাল দত্ত নামৰ  হৃদয়বান ব্যক্তি দুগৰাকীৰ এই দান দৰংবাসীৰ বাবে সম্প্ৰীতিৰ নিদৰ্শন হৈ পৰিছে।

বৰ্তমান সময়ত ভূমিদাতাসকলো নাই বা সেই বয়সৰ মুছলমান লগ-সমনীয়াসকলো নাই। কিন্তু সেই দান অনুসৰি গঢ়ি উঠিল মছজিদটো। উল্লেখ্য যে মঙলদৈ চহৰৰ মাজমজিয়াৰ এই মছজিদৰ মাটিখিনিৰ  খাজানা আজি পৰ্যন্ত সুৰবালা দত্তৰ  পৰিয়ালৰ লোকেই  পৰিশোধ কৰি আছে। খাজানা পৰিশোধ কৰি থাকিলেও কিন্তু সুৰবালা দত্তৰ পৰিয়ালৰ নাই কোনো আক্ষেপ। মছজিদ পৰিচালনা সমিতিয়েও দিয়া নাই বাধা।

সময়ৰ পৰিৱৰ্তনৰ লগে লগেই বিজেপি চৰকাৰে অনা মিছন বসুন্ধৰা আঁচনি অনুসৰি সুদীৰ্ঘ ৯০ বছৰৰ পিছত মছজিদ পৰিচালনা সমিতিয়ে সাজু হৈছে মঙলদৈ সদৰ জাম্মে মছজিদৰ নাম নামজাৰি কৰিবলৈ। মঙলদৈ ৰাজহ চক্ৰৰ কাৰ্যালয়ত মিছন বসুন্ধৰাৰ আঁচনিৰ অধীনত মছজিদ কমিটিয়ে সুৰবালা দত্তৰ পৰিয়ালৰ পৰা মাটিখিনি চমজি লয়।

মছজিদ পৰিচালনা সমিতিক ভূমি দানৰ চৰকাৰী প্ৰক্ৰিয়াক সুৰবালা দত্তৰ পৰিয়ালে সম্পূৰ্ণ সহায়-সহযোগ কৰি এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আজি ২৫ ফ্ৰেব্ৰুৱাৰী শনিবাৰে মঙলদৈ সদৰ জাম্মে মছজিদ সমিতিয়ে সুৰবালা দত্তৰ পৰিয়ালক এই মহানুভৱতাৰ বাবে ৰাজহুৱাভাৱে সন্মান জনায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!