29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

ক’লৈ গ’ল দুটাকৈ সন্তানৰ মাতৃ মঞ্জু গয়াৰী ?

Assamese Newsক’লৈ গ’ল দুটাকৈ সন্তানৰ মাতৃ মঞ্জু গয়াৰী ?

বিগত কেইটামান মাহত ৰাজ্যত এগৰাকীৰ পিছত আন এগৰাকীকৈ বহু বিবাহিত মহিলা সঘনে নিখোজ হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ সংবাদ মাধ্যমতো এই সম্পৰ্কীয় প্ৰতিবেদন নিয়মীয়াকৈ প্ৰকাশ হৈ আহিছে ৷ এনে এক ঘটনাই পুনৰ সংঘটিত হৈছে ধনশিৰি মহকুমাৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত ১নং লক্ষীপুৰৰ গাঁৱত ৷ বিগত ১৯ দিনে সন্ধানহীন হৈ আছে গাঁওখনৰ মঞ্জু গয়াৰী নামৰ এগৰাকী ২৬ বছৰীয়া মহিলা ।

উল্লখ যোগ্য যে, মহিলা গৰাকীৰ স্বামী মুনু গয়াৰী কৰ্ম সূত্ৰে চেন্নাইত থাকে ৷ মঞ্জু গয়াৰী ঘৰৰ পৰা নোহোৱা হোৱাৰ দিনাও তেওঁ চেন্নাইতে আছিল । স্বামীয়ে জানিবলৈ দিয়া মতে, যোৱা ১৭ অক্টোবৰ তাৰিখৰ পৰাই মহিলা গৰাকীৰ কোনো সন্ধান নাই । চেন্নাইত থকা অৱস্থাতে পত্নী নিখোজ হোৱাৰ খবৰ লাভ কৰি তেওঁ ততাতৈয়াকৈ ঘৰলৈ আহে ৷

ওচৰ চুবুৰীয়া,আত্মীয়ৰ ঘৰ সকলোতে খবৰ লোৱাৰ পিছত মহিলাগৰাকীৰ কোনো সম্ভেদ নোপোৱাত উৰিয়ামঘাট আৰক্ষী চকীত স্বামীয়ে এখন এজাহাৰ দাখিল কৰে ৷ সম্প্ৰতি আৰক্ষী তথা পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সন্ধান চলাই আছে যদিও কোনো খবৰ উলিয়াব পৰা নাই ৷

মন কৰিব লগীয়া বিষয় যে, সন্ধানহীন মহিলা গৰাকী দুটাকৈ পুত্ৰ সন্তানৰ মাতৃ ৷ মাতৃৰ কোনো বাতৰি নাপাই ইতিমধ্যে দুই সন্তান দুখত ভাঙি পৰিছে ৷ আনকি মহিলা গৰাকীৰ সৰু পুত্ৰৰ স্বাস্থ্যৰো অৱনতি হোৱা বুলি জানিব পৰা গৈছে ৷ স্বামী মুনু গয়াৰীৰ আইতাকেও নাতি বোৱাৰীক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে ৷ সম্প্ৰতি কোনো লোকে মঞ্জু গয়াৰীৰ কিবা সম্ভেদ পালে ৮৬৩৮৯১৪৮৬৪ / ৮৮১১৯০২০২৬ এই দুটা মোবাইল নম্বৰত জনাবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!