27.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

নগৰবেৰাৰ দুই ছাত্ৰৰ সাফল্যত উৎসৱ মুখৰ পৰিবেশ

Assamese Newsনগৰবেৰাৰ দুই ছাত্ৰৰ সাফল্যত উৎসৱ মুখৰ পৰিবেশ

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ বিক্ৰম ছাৰাভাই চাইন্স একাডেমীৰ ২০১৯-২০ বৰ্যৰদুই ছাত্ৰ ক্ৰমে হিতুল ৰয় আৰু জয়দেৱ পালে সদ্য ঘোষিত সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ বাছনি পৰীক্ষা(নীট)ত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। শিমলীতোলা দোমনাপাৰা  আৰু নগৰবেৰাৰবিদ্যানগৰৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান ক্ৰমে হিতুল ৰয় আৰু জয়দেৱ পালেবিক্ৰম ছাৰাভাই চাইন্স একাডেমীত অধ্যয়ন কৰা সময়ত বিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াইছিল। কঠোৰ অধ্যৱসায়, প্ৰবল ইচ্ছা,ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে আজি নীট পৰীক্ষাত ছাত্ৰ দুগৰাকী উজলি উঠিবলৈ সক্ষম হোৱাত সমগ্ৰ অঞ্চলটোৰ লগতে ছাত্ৰ দুগৰাকীৰ পৰিয়াল আৰু তেওলোকে অধ্যয়ন কৰা বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে। আজি নীট’ত উত্তীৰ্ণ ছাত্ৰ হিতুল ৰয় আৰু জয়দেৱ পালে অধ্যয়ন কৰি যোৱা বিদ্যালয় বিক্ৰম ছাৰাভাই চাইন্স একাডেমীত উপস্থিত হোৱাৰ লগে লগে  বিদ্যালয়খনত এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। পিছত ছাত্ৰ দুগৰাকীক বিদ্যালয়খনৰ অধ্যক্ষ নিৰ্মল কলিতা আৰু পৰিচালন সঞ্চালক আব্দুল জলিলে গামোচা, শৰাই আদিৰে উষ্ম আদৰণি জনায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!