বিবাহিতা মহিলাসকলে মেকআপৰ এইবোৰ বস্তু আনৰ লগত ভাগ-বতৰা কৰা উচিত নহয়, হ’ব পাৰে বিপদ
জ্যোতিষ শাস্ত্ৰত বিবাহিত মহিলাৰ মেকআপ সামগ্ৰীৰ বিষয়ে কোৱা হৈছে, যিবোৰ কেতিয়াও আনৰ লগত ভাগ কৰিব নালাগে। যদি আপুনি এই কাম কৰে তেন্তে আপুনি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
সেন্দূৰ- শাস্ত্ৰত কোৱা হৈছে যে এগৰাকী বিবাহিতাৰ সেন্দূৰেই তেওঁৰ পৰিচয়। সেইবাবেই শাস্ত্ৰত সেন্দূৰ লগোৱাৰ নিয়মবোৰো বুজাই দিয়া হৈছে। প্ৰতিগৰাকী বিবাহিতা মহিলাই সেন্দূৰক সন্মান কৰা উচিত। লগতে মনত ৰাখিব যে আপোনাৰ সেন্দূৰটো আন মহিলাক ভাগ-বতোৱাৰ বা দিব নালাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে স্বামীৰ ওপৰত বিপদৰ সৃষ্টি হয়।
কাজল- কাজলক এগৰাকী মহিলাৰ এক গুৰুত্বপূৰ্ণ মেকআপ বুলি গণ্য কৰা হয়, যাৰ বাবে চকুৰ সৌন্দৰ্য্য বৃদ্ধি পায়। কাজল অতীজৰে পৰা মেক-আপৰ বাবে ব্যৱহাৰ হৈ আহিছে। বিশ্বাস কৰা হয় যে বিবাহিতা মহিলাসকলে নিজৰ কাজল আনৰ লগত ভাগ-বতৰাও কৰিব নালাগে। ইয়াৰ ফলত স্বামীৰ মৰম কমি যায়।
বিন্দি বা ফুট- শাস্ত্ৰত কোৱা হৈছে যে বিবাহিত মহিলাই আন এগৰাকী মহিলাক বিন্দি বা ফুট ও দিব নালাগে। ইয়াৰ ফলত স্বামীৰ সৈতে বিচ্ছেদ হোৱাৰ আশংকা বৃদ্ধি পায়।
খাৰু- সেন্দূৰৰ দৰে খাৰু বিবাহিত মহিলাৰ বাবেও গুৰুত্বপূৰ্ণ। হাতত পিন্ধা খাৰু আন মহিলাক দিব নালাগে। ইয়াৰ ফলত ভাগ্য দুৰ্বল হৈ পৰে।