Miscreants destroy Election Campaining Stall in Nagaon.

Miscreants destroy Election Campaining Stall in Nagaon.

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা নিশা বঢ়মপুৰ বিধান সভা সমষ্টিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই ৷ বঢ়মপুৰ সমষ্টিৰ ডিফলু গাঁও পঞ্চায়তৰ বিজেপি দলৰ সভানেত্ৰী পদৰ প্ৰাৰ্থী দীপালী বৰাৰ ঘৰৰ চৌহদত থকা নিৰ্বাচনী কাৰ্যালয়টো ক্ষতি সাধন কৰে দুৰ্বৃত্তই ৷ বেনাৰ পোষ্টাৰ ফালি নিৰ্বাচনী কাৰ্যালয়টো লণ্ড-ভণ্ড কৰাৰ লগতে কাৰ্যালয়টোত থকা ৩০ খন চকী চুৰি কৰি নিয়ে ৷ এই ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ ইফালে ঘটনাৰ সন্দৰ্ভত ইটাচালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে

Desk Editor