22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত

Assamese Newsমেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত
আজি বিয়লি মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰে। প্ৰচাৰৰ আজি শেষৰ দিনটোত দুয়োখন ৰাজ্যতে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত কৰিবৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে ভোটদাতাক আকৰ্ষণৰ চেষ্টা কৰিছে। মেঘালয়ত তৃণমূল কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা ড০ মুকুল চাংমাই ছংছাক আৰু মহেন্দ্ৰগঞ্জত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। দলৰ সাংসদ মহুৱা মৈত্ৰয়ো জনসভাত অংশগ্ৰহণ কৰে। ইপিনে, ৰাজ্যৰ ৫৯ টা বিধানসভা সমষ্টিৰ বাবে ৩ হাজাৰ ৪১৯টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। ইতিমধ্যে, ভোটকেন্দ্ৰসমূহলৈ ভোটগ্ৰহণকাৰী বিষয়া কৰ্মচাৰী ৰাওনা হৈছে।
আনহাতে, নাগালেণ্ডতো ভোটদাতাক আকৰ্ষণ কৰিবলৈ সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে শেষ চেষ্টা চলাইছে। ৰাজ্যখনৰ বিধানসভাৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খনৰ বাবে পৰহিলৈ ভোটগ্ৰহণ কৰা হ’ব। এইবাৰৰ নিৰ্বাচনত ১৩ লাখৰো অধিক ভোটদাতাই ১২টা ৰাজনৈতিক দল আৰু নিৰ্দলীয়সহ মুঠ ১৮৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি নাগালেণ্ডৰ সকলো জিলাৰ মুঠ দুহেজাৰ ৩১৫টা ভোটগ্রহণ কেন্দ্ৰত সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া ভি. শশাংক শেখৰে কয় যে সকলো স্পৰ্শকাতৰ ভোটগ্রহণ কেন্দ্ৰত চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে। নির্বাচন স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৩০৫টা কোম্পানীৰ লগতে গুজৰাট আৰক্ষী আৰু চণ্ডীগড় মহিলা আৰক্ষীৰ জোৱানক নিয়োগ কৰা হৈছে। ভোটগ্ৰহণকাৰী বিষয়াসকল কাইলৈৰ ভিতৰতে ভোটগ্রহণ কেন্দ্ৰসমূহত উপস্থিত হ’ব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!