এপিচিচিৰ সভাপতি পদ লাগে বিধায়ক ৰূপজ্যোতি কুর্মীক

0 min read

গুৱাহাটীঃ  এইবাৰ প্রদেশ কংগ্রেছৰ সভাপতি পদ বিচাৰিছে মৰিয়নি সমষ্টিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে৷ একেৰাহে চতুর্থবাৰৰ বাবে মৰিয়নি সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হৈ অহা কুর্মীয়ে নিজকে প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে উপযুক্ত বুলি অনুভৱ কৰি এই সংক্রান্তত নিখিল ভাৰত কংগ্রেছ কমিটীলৈ লিখিতভাৱে আবেদনো কৰিছে৷

শুকুৰবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত কুর্মীয়ে কয় যে দলে তেওঁক কংগ্রেছ বিধায়িনী দলৰ যি সচিব পদ প্রদান কৰিছিল, সেয়া তেওঁ ত্যাগ কৰিছে৷ বিধানসভালৈ প্রথমবাৰৰ বাবে নির্বাচিত হৈ অহা দলৰ মহিলা প্রতিনিধি শিৱামণি বৰা, যুৱপ্রজন্মৰ নেতা প্রদীপ সৰকাৰ, চিকিৎসক ডাঃ আচিফ ইছলামৰ মাজৰ পৰা কোনো এজনক বিধায়িনী দলৰ সচিব পদ দিলে ভাল হয়৷ তেওঁ যিহেতু মৰিয়নি সমষ্টিৰ পৰা চতুর্থবাৰৰ বাবে বিধানসভালৈ নির্বাচিত হৈ আহিছে আৰু এইবাৰ চাহ জনগোষ্ঠী আদিবাসী সম্প্রদায়ৰ তেৱেঁই একমাত্র প্রতিনিধি হিচাপে নির্বাচিত হৈছে, সেয়ে বর্তমান খালী হৈ থকা প্রদেশ কংগ্রেছৰ সভাপতি পদত তেওঁক অধিষ্ঠিত কৰাৰ বাবে এ আই চি চিৰ নেতৃত্বক অনুৰোধ জনাইছে৷ চতুর্থবাৰলৈ বিধায়ক হিচাপে নির্বাচিত হোৱা হেতু অভিজ্ঞতাৰ ফালৰ পৰাও তেওঁ নিজকে সেই পদৰ বাবে উপযুক্ত বুলি অনুভৱ কৰে৷

এ আই চি চি আৰু এ পি চি চিৰ নেতৃত্বই এই সংক্রান্তত উচিত বিবেচনা কৰিব বুলি আশা ব্যক্ত কৰি তেওঁ কয় যে দলৰ জ্যেষ্ঠ নেতা দেৱব্রত শইকীয়াক বিৰোধী দলপতি, ৰকিবুল হুছেইনক উপ–দলপতি, ৱাজেদ আলী চৌধুৰীক হুইপ, ৰেকিবুদ্দিন আহমেদ, কমলাক্ষ দে’ পুৰকায়স্থ, সুশান্ত বৰগোহাঁইক বিভিন্ন দায়িত্ব দিয়া হৈছে৷ সাংসদ গৌৰৱ গগৈক এ আই চি চিৰ সাধাৰণ সম্পাদক হিচাপে ২/৩খন ৰাজ্যৰ দায়িত্ব, সাংসদ প্রদ্যুৎ বৰদলৈক এ আই চি চিৰ সম্পাদক হিচাপে এখন ৰাজ্যৰ দায়িত্ব দিছে৷ তেওঁ যিহেতু এতিয়াও কোনো দলীয় দায়িত্বত নাই আৰু প্রদেশ কংগ্রেছৰ সভাপতি পদটো খালী আছে, সেয়ে তেওঁক সেই দায়িত্ব অর্পণ কৰিব বুলি আশা প্রকাশ কৰে৷

You May Also Like

More From Author