সকলো মানুহৰ শৰীৰতেই তিল থাকে। কিন্তু আপোনাৰ সমগ্ৰ শৰীৰত অসংখ্য তিল আছে নেকি? এই বিষয়ত বহুতেই হয়তো ভাবিছে, এয়া কোনো ৰোগৰ লক্ষণ নেকি! আপুনি কি জানে? যে মানুহৰ শৰীৰত যিমান বেছি তিল থাকে, তেওঁলোকৰ চেহেৰাত বয়সৰ চাপ সিমান কম পৰে! অবাক হৈছে? হোৱাৰ কথাই।
একে সময়তে এই ব্রিটিছ গৱেষকসকলৰ দাবী, তিল থকা মানুহৰ মেলানোমা (ত্বকৰ কেন্সাৰ) হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে অলপ বেছি। কিন্তু তেওঁলোকৰ বুঢ়া হৈ যোৱাৰ কামটো আগবাঢ়ে কিছু ধীৰ গতিত।
এই গৱেষণাত কোৱা হৈছে, মানুহৰ শৰীৰত সাধাৰণতে ৩০ৰ পৰা ৪০টা তিল থাকিব পাৰে। কিন্তু বহুতৰ শৰীৰতেই ১০০টাৰ বেছি তিল থাকে। আৰু এই দুই ধৰণৰ মানুহক পর্যবেক্ষণ কৰি গৱেষকসকলে পাইছে যাৰ শৰীৰত যিমান বেছি তিল, তেওঁৰ শৰীৰত বয়সৰ চাপ পৰাৰ গতি সিমানখিনি কম। কেৱল সোয়াই নপয়, তিল বেছি থকা মানুহৰ শৰীৰৰ হাড়ো তুলনামূলকভাৱে মজবুত হৈ থাকে।