20.6 C
Assam
Friday, February 3, 2023

Featured News

কোষ্ঠকাঠিন্য বা পাইলছৰ সমস্যা? ভুলতো এইবোৰ নকৰিব

Assamese Newsকোষ্ঠকাঠিন্য বা পাইলছৰ সমস্যা? ভুলতো এইবোৰ নকৰিব

কোষ্ঠকাঠিন্য বা পাইলছৰ সমস্যা হ’লে মলত্যাগ কৰিবলৈ সময় লাগে আৰু মল টান আৰু সৰু আকাৰৰ হয়। পেটত চাপ বা বল দি মলত্যাগ কৰিবলগা হয় আৰু কৰাৰ পিছতো অস্বস্তিকৰ অনুভূতি হয়।

ইয়াৰ উপৰি বহু সময়ত দেখা যায় তলপেট আৰু পিঠিত বিষ হয় আৰু পেটবিষ, পেট কামোৰ আৰু বমিৰ উদ্রেক হয়। কিন্তু অলপ সতর্ক হ’লেই এই ৰোগৰ কষ্ট দূৰ কৰিব পৰা যায়। সঠিক খাদ্যাভ্যাসৰ অভাৱত কোষ্ঠকাঠিন্য, পাইলছ আৰু অর্শৰ সমস্যা হৈ থাকে।

আহক জানি লওঁ কোষ্ঠকাঠিন্যৰ সমস্যাত কি কৰিব বা কি কৰাৰ পৰা বিৰত থাকিব :

কোষ্ঠকাঠিন্যত কি কৰিব?

Home Remedies To Cure Constipation | ASSAM TIMES POSTunnamed ccc | ASSAM TIMES POST

১. বহু অসুখত মূলতেই আছে ভুল খাদ্যৰ অভ্যাস। বহুতেই শাক-পাচলি নাখায়। আৰু বহুতৰ পানী খাবলৈ অনীহা।

২. দিনত ৩–৩.৫ লিটাৰ পানী খাওক। শীতৰ সময়ত কিছু কম হ’লেও কথা নাই।

৩. দৈনিক ডায়েটত ৰাখক পাঁচ ধৰণৰ শাক-পাচলি। আলু-পিয়াঁজৰ উপৰি সময়ৰ সকলো ধৰণৰ পাচলি খাব লাগে। ভেন্দিয়ে কনষ্টিপেচন কমোৱাত উল্লেখযোগ্য ভূমিকা লয়।

৪. যিসকলে কোষ্ঠকাঠিন্যত ভুগিছে, তেওঁলোকে নিয়ম কৰি দুবেলা ভেন্দি খালে সমস্যাৰ পৰা ৰেহাই পাব।

৫. পালেং শাক থাকক মধ্যাহ্ন ভোজনত।

৬. কোমোৰা, লাউ, পটলসহ সময়ৰ পাচলি খাব লাগিব।

৭. কল, মধুৰিআম, নেমু, আম, জামসহ বেছিভাগ ফলতেই ফাইবাৰ আছে। নিয়ম কৰি দিনত ৩-৪টা ফল খালে ভাল হয়।

    কি নকৰিব

১. টয়লেটত গৈ বহু সময় বহি চাপ নিদিব। ইয়াৰ ফলত সমস্যা বাঢ়ে।

২. নিয়মিত ব্যায়াম কৰি ওজন ঠিক ৰাখক। ওজন বৃদ্ধিয়ে পাইলছৰ সমস্যা বৃদ্ধি কৰে।

৩. ওজন থকা বস্তু নাডাঙিব।

৪. ধূমপানৰ অভ্যাস থাকিলে এৰিব লাগিব।

৫. মদ্যপানত সমস্যা বাঢ়ে।

৬. ভাজা খাদ্য এৰাই চলক।

৭. খাদ্যৰ নামত মচলাযুক্ত মাংস নাখাব।

৮. ময়দাৰ খাদ্য খালে সমস্যা বাঢ়ে। চাউমিন ময়দাত তৈয়াৰ হয়। মমও একে। গতিকে এনে ধৰণৰ খাদ্য বাদ দিয়ক।

৯. কেক, বিস্কুট মাত্রা ৰাখি খাওক। পৰিবর্তে ওটছ আদি খাব পাৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!