20.6 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

মাৰ্ঘেৰিটাত ড্ৰাগছ আসক্ত ব্যৰ্থ প্ৰেমিকৰ আক্ৰমণত মৃত্যুৰ সৈতি যুঁজিছে প্ৰেমিকাই

Top Newsমাৰ্ঘেৰিটাত ড্ৰাগছ আসক্ত ব্যৰ্থ প্ৰেমিকৰ আক্ৰমণত মৃত্যুৰ সৈতি যুঁজিছে প্ৰেমিকাই

গুৱাহাটী টাইমছ, ৬ মাৰ্চঃ প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম মানেই ত্যাগ । কিন্তু মাৰ্ঘেৰিটাত প্ৰেমৰ নামত বীভৎসতা। ড্ৰাগছ আসক্ত ব্যৰ্থ প্ৰেমিকৰ আক্ৰমণত যুৱতি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰ। মৃত্যুৰ সৈতে যুঁজি আছে মাৰ্ঘেৰিটাৰ এগৰাকী যুৱতীয়ে ।

মাৰ্ঘেৰিটাৰ দিহিংৰ আকাশ দত্ত নামৰ যুৱকজনক । কিমান নিৰ্মম হ’লে দাৰে ঘপিয়াই ৰক্তৰে ৰঞ্জিত কৰিব পাৰে দুহাত। কিন্তু মাৰ্ঘেৰিটাত প্ৰেমৰ সংজ্ঞাক ভেঙুচালীক কৰি আকাশ দত্ত নামৰ ব্যৰ্থ প্ৰেমিক নৰপিশাচটোৱে মাৰ্ঘেৰিটাৰ ষ্টেচনপাৰাৰ প্ৰিয়ংকা নামৰ প্ৰেমিকা যুৱতীগৰাকীক দাৰে ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে ।

ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা প্ৰায় ১১ বজাত অতৰ্কিতে প্ৰিয়ংকাৰ গৃহত প্ৰবেশ কৰি আকাশে প্ৰিয়ংকাক আক্ৰমণ কৰে । ড্ৰাগছ আসক্ত আকাশৰ আক্ৰমণত প্ৰিয়ংকাৰ হাতৰ কেইবাটাও আঙুলি কটা যায় আৰু ডিঙিত গুৰুতৰ ভাৱে আঘাট পায় । তাৎক্ষণিক ডিব্ৰুগড়স্থ অসম মেডিকেল কলেজলৈ প্ৰিয়ংকাক নিয়া হয় । সংকটজনক অৱস্থাত জৰুৰীকালীন সেৱাত প্ৰিয়ংকাক চিকিৎসা কৰি থকা হৈছে ।

ঘটনা সংঘটিত কৰিয়ে ধৃত আকাশে পলায়ণ কৰে । মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়োৰ আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈৰ নেতৃত্বত আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত অভিযুক্তক কৰায়ত্বৰ বাবে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে ঘটনাত ব্যৱহাৰ কৰা দাখনৰ লগতে এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে – যুৱকজন ড্ৰাগছৰ গোচৰত পূৰ্বে জেললৈ গৈছে । যুৱতী গৰাকীৰ সৈতে ব্যৰ্থ প্ৰেমৰ পাছত নিয়মিত মানসিক তথা শাৰিৰীক নিৰ্যাতন চলাই আহিছিল নৰপিশাচ আকাশ দত্তৰ যথোচিত শাস্তিৰ দাবী সৰ্বত্ৰে । ড্ৰাগছৰ প্ৰচলন বৃদ্ধিয়ে এনেধৰণৰ অপৰাধমূলক ঘটনাৰ বৃদ্ধিত সাৰ -পানী যোগোৱা বুলি অভিযোগ উঠিছে। অন্যহাতে ধৃত আকাশৰ পৰিয়ালৰ লোকেও আকাশক দত্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনোৱাৰ লগতে যুৱতিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।

অন্যহাতে আজি আৰক্ষী অভিযানত ধৃত আকাশৰ ডিহিং স্থিত এখন গেলামালৰ দোকানত অভিযান চলাই ড্ৰাগছৰ এটা খালি কণ্টেনাৰো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সুধাপোছা কৰিবৰ বাবে ধৃত আকাশৰ ভাতৃক থানালৈ আনি তদ্যন্ত অব্যাহত ৰাখিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!