Advertisement

নগালেণ্ডৰ মন জিলাত উত্তপ্ত পৰিস্থিতি

নগালেণ্ডৰ মন জিলাত উত্তপ্ত পৰিস্থিতি

শনিবাৰে নগালেণ্ডত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ পাছত পাহাৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলাত পুনৰ অশান্ত পৰিস্থিতি সৃষ্টি হয় (Tension grips Nagaland)৷ কেইবাজনো নিৰ্দোষী লোক উগ্ৰপন্থী বিৰোধী অভিযানত নিহত(Ambush on civilians in Nagaland) হোৱাৰ পাছত ভাৰতীয় সেনাৰ তৃতীয় কৰৰ তৰফৰ পৰা জনায় যে ঘটনাত মুঠ ৬ জন লোক নিহত আৰু দুজন আহত হৈছে ৷ ইয়াৰ বিপৰীতে সেনাৰ ১ জন জোৱান নিহত আৰু ১৩ জনৰ গুৰুতৰভাৱে আহত হোৱাৰ কথা সদৰী কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল সুমিত শৰ্মাই

ambush-on-civilians-in-nagaland-lead-tension

এক অসমৰ্থিত সূত্ৰৰ মতে, নাগালেণ্ডৰ ঘটনাত মুঠ ১৩ জন নিৰীহ লোক শনিবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত নিহত হোৱা বুলি জানিব পৰা গৈছে । দেওবাৰে নগালেণ্ডত পুনৰ এক উত্তেজনাময় পৰিবেশ সৃষ্টি হয়(Tension grips Nagaland) ৷ কিয়নো মন জিলাৰ তিৰু গাঁৱত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক এন এছ চি এন উগ্ৰপন্থী বুলি সন্দেহ কৰি গুলীচালনা কৰাৰ ফলত কিছু নগা যুৱক নিহত হোৱাৰ পিছত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

আছাম ৰাইফলছৰ লেফটেনেন্ট ৰোহন মহাজনেও এই ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে ৷ ইতিমধ্যে, কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত এক তদন্ত ঘোষণা কৰি ৰাইজক শান্তি বৰ্তাই ৰখাৰ আহ্বান জনাইছে(Union announced inquiry on Nagaland situation) ৷

ambush-on-civilians-in-nagaland-lead-tension

ইফালে, শনিবাৰৰ ঘটনাৰ পিছত 300 ৰো অধিক নগা লোকে আছাম ৰাইফলছৰ মন পোষ্টত আক্ৰমণ কৰে ৷ ঘটনাত আছাম ৰাইফলছৰ কেবাজনো জোৱান আঘাত প্ৰাপ্ত হয় ৷ সম্প্ৰতি, এই সন্দৰ্ভত তদন্ত পক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাইজক ধৈৰ্য আৰু শান্তি বৰ্তাই ৰখাৰ আহ্বান জনাইছে আছাম ৰাইফলছে ৷

ইফালে, মন জিলাৰ উপায়ুক্তই ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক জমা হোৱা, অত্যাৱশ্যকীয় কাৰণ নোহোৱাকৈ যান-বাহন চাল-চলনৰ ক্ষেত্ৰত আৰোপ কৰিছে নিষেধাজ্ঞা ৷ ইয়াৰোপৰি নগালেণ্ড চৰকাৰে ঘটনা সন্দৰ্ভত SIT (Special investigation Team )ৰ তদন্ত ঘোষণা কৰিছে ৷ এই তদন্ত পক্ৰিয়া SIT য়ে এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব

Shahnawaz Hamza