নগাঁৱৰ ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন, স্মৃতিগ্ৰন্থ উন্মোচন- বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

নগাঁৱৰ ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন, স্মৃতিগ্ৰন্থ উন্মোচন- বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

 

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:– নগাঁও জিলাৰ ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ ৰবিবাৰে সামৰণি পৰে । যোৱা ২৮ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এক ভক্তিময় পৰিবেশত আৰম্ভ হোৱা উক্ত অনুষ্ঠানটিৰ ৰবিবাৰে অন্তিম দিনা কাৰ্যসূচী অনুসৰি পুৱা প্ৰসংগৰ অন্তত বিয়লি ধৰ্মালোচনা সভা, সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় । ভোটাই গাঁও ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কমলা কান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে পুৰণিগুদামৰ শ্ৰী শ্ৰী লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী উপস্থিত থাকি কয় যে বর্তমান সময়ত ধৰ্মৰ প্ৰতি উঠি অহা চামৰ অনাশক্তি আহিছে। সেই চামৰ আধ্যাত্মিক চিন্তা-চৰ্চা কমি গৈছে । গতিকে আমাৰ কলা সংস্কৃতি জীয়াই ৰাখিবৰ বাবে নতুন প্ৰজন্মক ধৰ্মমুখী কৰিব লাগিব। উদযাপন সমিতিৰ সম্পাদক অজিত কুমাৰ বৰা আৰু নাট্যকৰ্মী বিপুল চন্দ্ৰ বৰাই আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কামপুৰৰ শ্ৰী শ্ৰী টকৌবাৰী শ্ৰৱনী সত্ৰৰ সত্ৰাধিকাৰ ভীষ্ম দুল্লভ মহন্তই কয় যে ধৰ্মৰ গতি অতি সূক্ষ্ম। ধৰ্মৰ গতি বৰ্তমান সলনি হৈছে । গতিকে উঠি অহা প্ৰজন্মই ধৰ্মৰ গতি অনুধাৱন কৰি আধ্যাত্মিক চিন্তা-চৰ্চাৰ জৰিয়তে সমাজখনক আগুৱাই নিব লাগিব।
ভাষণ প্ৰসংগত মহন্তই ভোটাই গাঁও নামঘৰে শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি “স্মৰণিকা” প্ৰস্তুত কৰি উলিওৱা পদক্ষেপক প্ৰশংসা কৰে । সভাত সাংবাদিক জয়ন্ত বৰাৰ সম্পাদনাত প্ৰস্তুত কৰি উলিওৱা স্মৰণিকা “আৰিয়া” উন্মোচন কৰি ডিমৌৰ শ্ৰী শ্ৰী মাহৰা সত্ৰৰ সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে স্মৃতিগ্ৰন্থ এখনত বহু যুগৰ স্মৃতি আৰু ইতিহাস সন্নিবিষ্ট হৈ থাকে । ইয়াৰ পৰা উঠি অহা প্ৰজন্মই ইতিহাস অধ্যয়ন কৰাৰ ক্ষেত্ৰত যথেষ্ট সমল লাভ কৰিব।


সভাত নগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক দিগন্ত প্ৰকাশ মহন্তই ভাষণ প্ৰদান কৰে। এই সভাতে সমাজলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ভোটাই গাঁৱৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া গাঁওসমূহৰ বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে হিমেশ্বৰ শইকীয়া,জয়ৰাম কলিতা,কমলা কান্ত বৰা,হলধৰ জমিদাৰ, ভাবিৰাম গায়ন,মাঘিৰাম বৰা, ডিম্বেশ্বৰ শইকীয়া,বেদানন্দ মহন্ত, কাতিৰাম বৰা,চেনাৰাম কাকতি, যুগল শইকীয়া,কমল চন্দ্ৰ বৰা, গোপাল চন্দ্ৰ বৰা,জীৱন শইকীয়াক সম্বৰ্ধনা পত্ৰ,ফুলাম গামোছা আৰু চেলেঙৰে সম্বৰ্ধনা জনোৱা হয় । সভাৰ শেষত দিহানাম প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম,দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ দলক মানপাত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয় । সন্ধ্যা অংকীয়া ভাওনা “সৰগৰ ৰাজ্যলাভ” প্ৰদৰ্শনেৰে শতবৰ্ষৰ অনুষ্ঠানৰ সামৰণি পৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk