কাঠমাণ্ডুৰ চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়ালে নগাঁৱৰ চিত্ৰশিল্পী লক্ষীপ্ৰভাই

1 min read

নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণকৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে যশস্বী চিত্ৰশিল্পী লক্ষীপ্ৰভা শইকীয়াই । চিত্ৰশিল্পী,আবৃত্তিকাৰ লক্ষীপ্ৰভাই আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰি ভুয়সী প্ৰশংসা লাভ কৰি নগাঁও তথা অসমবাসীক গৌৰৱান্বিত কৰিছে । বিগত দিনবোৰত ভাৰতৰ বিভিন্ন ঠাইত চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা লক্ষীপ্ৰভাৰ এইখন প্ৰথম আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী ।

যোৱা ২৩ মে’ৰ পৰা ২৫ মে’লৈ নেপাল আৰ্ট কাউঞ্চিল(কাঠমাণ্ডু)ত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীত আমেৰিকা যুক্তৰাষ্ট্ৰ,লণ্ডন,ৰাছিয়া, টাইৱান আদিকে ধৰি পৃথিৱীৰ বহু দেশৰ শিল্পীয়ে অংশগ্ৰহণ কৰে । নগঞা শিল্পীগৰাকীক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰাৰ লগতে সেন্দুৰীয়া আলিবাটেৰে লক্ষীপ্ৰভাৰ এই শিল্প কৰ্ম আগুৱাই যোৱাটো কামনা কৰিছে । বৰ্তমান চিত্ৰশিল্পী গৰাকীয়ে সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদ (কলকতা)ৰ অধীনত “নৱৰং চিত্ৰাংকন বিদ্যালয়”ৰ অধ্যক্ষা হিচাপে টাউন তেলিয়াগাঁও প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক ছবিৰ পাঠদান কৰি আছে । উল্লেখ্য যে লক্ষীপ্ৰভা নগাঁৱৰ বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী পৱিত্ৰ কলিতাৰ পত্নী ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author