নগাঁৱৰ কামপুৰত FRUৰ সমস্যা সমাধানৰ দাবীত প্ৰিণ্ট মিডিয়া এছ’চিয়েচনৰ প্ৰতিবাদ
নগাঁও জিলাৰ বৃহত্তৰ কামপুৰৰ এফ আৰ ইউখনৰ বিভিন্ন সমস্যাক লৈ বুধবাৰে কামপুৰ প্ৰিণ্ট মিডিয়া এছ’চিয়েচনে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে অঞ্চলটো একমাত্ৰ এফ আৰ ইউখনত দৈনিক শতাধিক ৰোগীয়ে চিকিৎসাৰ বাবে আহে যদিও বিগত প্ৰায় ২০-২৫ দিন ধৰি এক্স-ৰে মেচিন আৰু পৰীক্ষাগাৰৰ বহু গুৰুত্বপূৰ্ণ সা-সজুলি বিকল হৈ থকাত ৰোগীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ থকাৰ কথা জানিব পৰা গৈছে । ৰোগীসকলৰ যথেষ্ট অসুবিধা হোৱা সমস্যাৰ সমাধানৰ দাবীত বুধবাৰে চিকিৎসালয়খনৰ চৌহদত পুৱা ১০ বজাৰ দুপৰীয়া ২ বজালৈকে কামপুৰ প্ৰিন্ট মিডিয়া এছ’চিয়েচনৰ একাংশ সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত সময়ছোৱাতে প্ৰতিবাদস্থলীত জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰূপ জ্যোতি মহন্ত উপস্থিত হৈ কামপুৰ এফ আৰ ইউৰ সকলো সমস্যা কম দিনৰ ভিতৰতে সমাধান কৰা বুলি প্ৰতিশ্ৰুতি দিয়ে। তেতিয়াহে সাংবাদিকসকলে সাময়িকভাৱে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। ইফালে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত কামপুৰ প্ৰিন্ট মিডিয়া এছ’চিয়েচনৰ সভাপতি সভাৰাম মজুমদাৰ,সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰা,সাহিত্যিক মোলান লস্কৰ,ছাত্ৰ নেতা মিণ্টু ৰাজখোৱা,সত্য বৰাকে আদি কৰি বহু কেইজন সাংবাদিক উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও