ৰাজ্যত তাপমত্ৰা বৃদ্ধি পোৱাত মৎস্যপালক বিমোৰত,জাকে জাকে মৰিছে মাছ

ৰাজ্যত তাপমত্ৰা বৃদ্ধি পোৱাত মৎস্যপালক বিমোৰত,জাকে জাকে মৰিছে মাছ

নিউজ ব্যুৰ’,নগাঁও,৯জুন:–যোৱা প্ৰায় এসপ্তাহ ধৰি ৰাজ্যত অভাবনীয়ভাৱে তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত স্তব্ধপ্রায় হৈ পৰিছে জনজীৱন। তাপমাত্রা একেৰাহে ৩৭-৩৮ ডিগ্রী চেলছিয়াছ হৈ থকাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত হৈ পৰিছে জলাশয়ৰ পানী । অভাবনীয়ভাৱে গৰম হৈ পৰিছে পুখুৰী,খাল-বিলৰ পানী ।খাল-বিল,জলাশয়ৰ পানী অস্বাভাৱিক ধৰণে উত্তপ্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত জাকে-জাকে মৰিছে মাছ। যাৰ ফলত নগাঁৱকে ধৰি নলবাৰী,বৰপেটাৰ মৎস্যপালক বিমোৰত পৰিছে । নগাঁও জিলাৰ ধিঙৰ বৰভেটিৰ নৱ কাকতি নামৰ মৎস্যপালকজনৰ পুখুৰীত থকা ৰৌ,বৰালী,ভকুৱাকে আদি কৰি একৰ পৰা পাঁচ কিল’গ্ৰাম ওজনৰ বহু কুইণ্টল মাছ মৰি যোৱাত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে মৎস্যপালকগৰাকী । উল্লেখ্য যে নগাঁৱৰ উত্তৰ-পশ্চিমাঞ্চলৰ বহু মৎস্য পালকে বিগত প্রায় এসপ্তাহ ধৰি নিজৰ নিজৰ পুখুৰীত মেচিনেৰে অহৰহ বাহিৰৰ পৰা পানীৰ যোগান ধৰি আহিছে যদিও আন একাংশই ধনৰ অভাৱত পানী যোগান ধৰিব পৰা নাই । যাৰফলত পুখুৰীত পানীৰ পৰিমাণ কমি যোৱাত মাছ মৰি আছে ।ইপিনে নলবাৰীৰ গোৱৰাদলত সমবায় ভিত্তিত মৎস্য পালন কৰা তিনিটা পুখুৰীত বহু সংখ্যক মাছ মৰিছে পুখুৰীৰ পানী উত্তপ্ত হৈ পৰাৰ বাবেই । যুৱক-যুৱতীক স্বনিয়োজনৰ বাট দেখুওৱাৰ লক্ষ্য লৈ বিমল শৰ্মাই “অমৃত উপবন বহুমুখী সমিতি লিমিটেড”ৰ অধীনত প্ৰায় ১২ বিঘা মাটিত তিনিটা পুখুৰীত মীন পালন কৰিবলৈ লয় । তেওঁলোকৰ পুখুৰীৰ পানী উত্তপ্ত হৈ পৰাত অস্বাভাৱিকভাৱে বহু সংখ্যক ৰৌ-ভকুৱা মৃত্যু হোৱাৰ উপৰি জাকে জাকে মাছ পুখুৰীত ভাহি উঠিছে। ধিঙৰ নৱ কাকতি নামৰ এজন মৎস্যপালকৰ পুখুৰীত কেইবা কুইণ্টল মাছ মৰি যোৱাত মানসিকভাৱে ভাগি পৰিছে। উৎকট গৰমৰ বাবে খাল-বিলৰ মাছো মৰিছে জাকে জাকে। যদি আৰু কেইদিনমানলৈ বৰষুণ নহয় তেতিয়াহ’লে হয়তো আৰু ভয়ংকৰ অৱস্থা হ’ব। চৰকাৰে মৎস্যপালনৰ প্ৰসাৰৰ নামত কোটি কোটি টকা ব্যয় কৰি বিজ্ঞাপন প্ৰকাশ কৰে যদিও প্রকৃত মীনপালক যে চৰকাৰৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে সেই কথা বৰ্ণনা কৰাটো হয়তো বাহুল্য হ’ব। তেনে পৰিস্থিতিত স্বনিয়োজনৰ বাবে গাঠিৰ ধন ভাঙি মীনপালন কৰিবলৈ লোৱা সকলৰ বাবে কোনে সুদৃষ্টি দিব তাক লৈ প্ৰশ্নৰ উদয় হৈছে। যোৱা কেইদিনমানৰ পৰা খৰাং সদৃশ পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে উষ্ণতাৰ পৰিমাণো যথেষ্ট পৰিমাণে বৃদ্ধি হৈ আহিছে। যাৰ লগে লগে পানীৰ উষ্ণতাও বৃদ্ধি পাই গৈছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related