25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

নগাঁৱৰ বেবেজীয়া-জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ ৩০বছৰীয়া দৌল উৎসৱ আৰম্ভ

Assamese Newsনগাঁৱৰ বেবেজীয়া-জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ ৩০বছৰীয়া দৌল উৎসৱ আৰম্ভ

থানৰ তোৰণ,কাৰ্যালয়ৰ দ্বাৰ আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৬মাৰ্চ:–ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত দৌল মহোৎসৱৰ আৰম্ভ হৈছে । এক উৎসৱমুখৰ পৰিবেশত আজি পুৱা পোৱাল চন্দ্ৰ নাথ,ধেনুৰাম নাথ, ধনীৰাম নাথ আৰু গোলাপ নাথৰ দ্বাৰা পৰিবেশ নিকাকৰণৰ অন্তত গছপুলি ৰোপন কৰে ৰাজ্যিক কৃতী শিক্ষক লক্ষ্মী নাৰায়ণ বৰাই । ইয়াৰ পাছতে আয়তীৰ উৰুলি আৰু মাংগলিক ধ্বনি তথা গুৰু বাদ্য বাদনেৰে মুখৰিত পৰিবেশত আজি পুৱা থানৰ ধৰ্মধ্বজা উত্তোলন কৰে সাৰ্বজনীন গৰখীয়া থান পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ নাথে । ইয়াৰ পাছতে স্মৃতি তৰ্পন মুকলি কৰে অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়া পুষ্পেন্দ্ৰ হাজৰিকাই । ৰাইজৰ শৰাই-সফুঁৰা-দান-বৰঙণি গ্ৰহণৰ অন্তত প্ৰয়াত সাধন চন্দ্ৰ নাথ আৰু হৰিন্দ্ৰী দেৱীৰ সোঁৱৰণত তোৰণ উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ভাষণ প্ৰসংগত শৰ্মাই কয় যে নগাঁৱৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানখনিয়ে এক ঐতিহ্য বহন কৰি আহিছে । এই প্ৰাচীন থানখনি পৰ্যটনৰ ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো আগবাঢ়ি আহিব লাগিব । উল্লেখ্য যে ন-মাটি–জামুগুৰি পথত আৰ্কষণীয় স্থায়ী তোৰণখনি প্ৰাক্তন আৰক্ষী বিষয়া মিলন চন্দ্ৰ নাথ আৰু পৰিয়াল বৰ্গই আগবঢ়াইছে ।

বিয়লি সাৰ্বজনীন গৰখীয়া থানৰ নৱ-নিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট লেখক-সাহিত্যিক তথা অগ্নি আৰু আপদকালীন বিভাগৰ উপ সঞ্চালক নন্দ সিং বৰকলাই । ভাষণ প্ৰসংগত বৰকলাই কয় যে সকলো ভাষাৰে আছে অভিধা ।আমাৰ ভাৰতীয় মানুহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সংস্কৃত ভাষাটো বৰ্তি আছে । তেওঁ আৰু কয় যে ৰং হৈছে জীৱনৰ সৌন্দৰ্য । ৰঙক বাদ দি কোনো জীয়াই থাকিব নোৱাৰে । ৰঙে জীৱনলৈ কঢ়িয়াই আনে অনাবিল আনন্দ । বিয়লি প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মিহিৰাম ভূঞাই আৰু সন্ধ্যা শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা মুনি কাকতিয়ে । উল্লেখ্য যে ১৯৯৩ চনৰে পৰা ক্ৰমাগতভাৱে উদযাপন কৰি অহা ৩৫৫ বছৰীয়া সাৰ্বজনীন গৰখীয়া থানৰ দৌল উৎসৱে চলিত বৰ্ষত ৩০সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে । কাইলৈ ৭ মাৰ্চত পুৱা দৌল মন্দিৰত দৌল ধ্বজা উৰণ,মণিকূট-বন্তি প্ৰজ্বলনৰ পাছত অঞ্চলৰ ২৯গৰাকী নামঘৰৰ বিষয়ববীয়াই ধৰ্ম ধ্বজা আৰু জলচী লৈ উৎসৱ স্থলীলৈ যাত্ৰা কৰাৰ অন্তত ৩০খনি ধৰ্মধ্বজা উত্তোলনৰ পাছতে গোঁসাই স্নান-স্থাপন আৰু ভকতক নিৰ্মালী প্ৰদান কৰা হ’ব । অনুষ্ঠানত মুখ্য অতিথি ৰূপে স্বাস্থ্য মন্ত্ৰী আৰু বিশিষ্ট অতিথি ৰূপে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত থাকিব । ইয়াৰ পাছতে খোল-নাম প্ৰসংগ, আপ্যায়ণ,বিয়লি আমন্ত্ৰিত নামতিৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰা হ’ব । সন্ধ্যা যোৰা পৰিবেশনৰ অন্তত সম্বৰ্ধনা,সাহাৰ্য প্ৰদান আৰু শৈক্ষিক বঁটা প্ৰদান । নিশা দলৈগাঁও আৰু ন দলৈ গাঁৱৰ মহিলা শিল্পীসকলৰ দ্বাৰা “মচুকুণ্ড ৰজাৰ কৃষ্ণ দৰ্শন” ভাওনাখনি মঞ্চস্থ কৰা হ’ব । ভাওনাখনি উদ্বোধন কৰিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই । ৮ মাৰ্চত পুৱা পৱিত্ৰ হোলী খেলাৰ অন্তত কীৰ্তন পাঠ,প্ৰসংগ,বিয়লি দিহানাম পৰিবেশন,সন্ধ্যা প্ৰসংগ আৰু আদৰণি-সম্বৰ্ধনা অনুষ্ঠান । নিশা মৰিগাঁৱৰ দক্ষিণ বাৰপূজীয়া জনজাতীয় লোকবাদ্য দলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব । ৯ মাৰ্চত পৰিবেশন নিকাকৰণৰ অন্তত অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ময়ূৰ পংখী ৰথত দৌল গোবিন্দ গোঁসাইক ভ্ৰমণ কৰোৱা হ’ব । ইয়াৰ পাছতে কীৰ্তন পাঠ আৰু ধৰ্মধ্বজা অৱনমন-সমূহীয়া ঘোষাৰে দৌল উৎসৱৰ সামৰণি মৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!