22.5 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

গুৱাহাটী পুনৰ হত্যাকাণ্ড! স্বামীৰ প্ৰহাৰত নিহত হ’ল পত্নী; পলাতক ঘাতক স্বামী

Assamese Newsগুৱাহাটী পুনৰ হত্যাকাণ্ড! স্বামীৰ প্ৰহাৰত নিহত হ'ল পত্নী; পলাতক ঘাতক স্বামী

গুৱাহাটী মহানগৰৰ পৰা পোহৰলৈ আহিছে আন এক জঘন্য ঘটনা। যোৱা ৫ মাৰ্চত মহানগৰীৰ ধীৰেণপাৰা অঞ্চলত এজন স্বামীয়ে পত্নীক প্ৰহাৰ কৰি হত্যা কৰা বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ ধীৰেণপাৰাt। স্থানীয় লোকৰ মতে স্বামীয়ে পত্নীক আক্ৰমণ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত স্বামীৰ নাম নুৰুল হক। ধীৰেণপাৰাৰ ডি কে পথৰ এটা ভাড়াঘৰত বাস কৰিছিল দম্পতীহাল। নিহত পত্নীৰ নাম চুফিয়া খাতুন বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ঘৰৰ মালিকে ভুক্তভোগীৰ চিঞৰ শুনি লৰালৰিকৈ গৈ দেখে যে মহিলাগৰাকী মজিয়াত মৃত অৱস্থাত পৰি আছিল। জনা মতে অপৰাধ সংঘটিত কৰাৰ পিছত স্বামীয়ে পৰিয়ালৰ আন সদস্যৰ সৈতে অপৰাধস্থলীৰ পৰা পলায়ন কৰে। ইফালে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!