সংগীত বিষয়ত পি এইচ ডিগ্ৰীপ্ৰাপ্ত নগাঁৱৰ জামুগুৰিৰ কল্পিতা দেৱীক কবি সন্মিলনৰ সম্বৰ্ধনা

1 min read

ক’লকাতাৰ বি টি ৰ’ডত অৱস্থিত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ কল্পিতা দেৱীক ভ’কেল মিউজিকত সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিছে । ক’লকাতাৰ নুপুৰ গাংগুলীৰ তত্বাৱধনাত অধ্যয়ন কৰা কল্পিতাৰ বিষয়বস্তু আছিল মিউজিকেল কনট্ৰিবিউচনচ অফ আচাৰ্য চিন্ময় লাহিড়ী টুৱাৰ্ডছ দ্যা ডেভেলপমেণ্ট অফ ক্লাছিকেল মিউজিক ইন ৱেষ্ট বেংগল (Musical Contributions of Acharya Chinmoy Lahiri Towards the Development of Classical Music in West Bengal) (Twentieth Century AD) । সংগীত বিষয়ত ডক্টৰেট ডিগ্ৰী প্ৰাপ্ত কৰা বাবে কল্পিতা দেৱীক আজি নগাঁও জিলা কবি সন্মিলনৰ এটি সজাঁতি দলে সম্বৰ্ধনা জ্ঞাপন কৰে । কল্পিতা দেৱীৰ বাসগৃহত আয়োজিত অনুষ্ঠানটিত শিশু সাহিত্যিক-নুপুৰ মোমাইদেউ ত্ৰৈলোক্য ভট্টাচাৰ্য, বিশিষ্ট শিল্পী গম্ভীৰ নাথ,নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বীজেন্দ্ৰ নাথ হাজৰিকা, উপ সভাপতি দুৰ্গেশ্বৰ বৰকটকী, জামুগুৰি শাখা কবি সন্মিলনৰ উপদেষ্টা অনিল চন্দ্ৰ নাথ, সম্পাদক নন্দেশ্বৰ নাথ,ফুলগুৰি শাখা কবি সন্মিলনৰ উপদেষ্টা নৱ জ্যোতি শৰ্মা বৰুৱা,সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী, সমাজসেৱক সৰুৰাম নাথ,প্ৰফুল্ল নাথ,উৎপল বৰদলৈ,তুলসী প্ৰসাদ কাকতি,গোবিন চন্দ্ৰ নাথ, পুষ্পজ্যোতি নাথ,সোণাইপৰীয়া শাখা কবি সন্মিলনৰ সদস্যা পুণ্যহা পুনম চৌধুৰী,প্ৰযুক্তি দেৱী আদি উপস্থিত থাকে । উল্লেখ্য যে কল্পিতা দেৱী জামুগুৰিৰ নিবাসী তথা গড়কাপ্তানী বিভাগৰ গৃহ সংমণ্ডলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মুনীন্দ্ৰ কুমাৰ নাথ আৰু পথ সংমণ্ডলৰ উপ অভিযন্তা কৰৱী লিগিৰাৰ জীয়ৰী ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author