24.7 C
Assam
Monday, June 27, 2022

Featured News

Assam’s Nobojit Narzary is DID Little Masters Season 5 winner

Dance India Dance Li'l Masters Season 5 concluded...

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ...

নগাঁৱৰ চামগুৰিত চছাঁ অকাডেমীৰ শাখা উদ্বোধন,পাঞ্জা সংস্থাৰ ৰাজ্যিক সমিতি গঠন

Assamese Newsনগাঁৱৰ চামগুৰিত চছাঁ অকাডেমীৰ শাখা উদ্বোধন,পাঞ্জা সংস্থাৰ ৰাজ্যিক সমিতি গঠন

নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিত কালি জিলাখনৰ অাগশাৰীৰ ছ’ছাঁ অকাডেমীৰ এটি শাখা শুভ উদ্বোধন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী মৃদুল কুমাৰ কলিতাই । ছ’ছাঁ অকাডেমীৰ সম্পাদক নিতুল শইকীয়াই আঁত ধৰা সভাখনিত বিশিষ্ট সমাজকৰ্মী পংকজ কুমাৰ মুদৈকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে সপ্তাহত তিনিদিন হ’বলগীয়া প্ৰশিক্ষণৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক ছছাঁৰ সম্পাদক তথা প্ৰশিক্ষক নিতুল শইকীয়াৰ লগত যোগাযোগ কৰিবলৈ জনোৱা হৈছে । ইপিনে,অসম পাঞ্জা সংস্থাৰ এখন বিশেষ সাধাৰণ সভা কালি নগাঁৱত অনুষ্ঠিত হয় । নগাঁও চহৰৰ পানীগাঁও শিৱনগৰস্থিত নৱৰূপ জাতীয় বিদ্যাপীঠ প্ৰাঙ্গনত অনুষ্ঠিত সংস্থাৰ সাধাৰণ সভাত ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰায় অৰ্ধশতাধিক ক্ৰীড়া সংগঠক, পাঞ্জা খেলুৱৈয়ে অংশগ্ৰহণ কৰে । প্ৰবীণ খেলুৱৈ ৰাহুল দেৱ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম পাঞ্জা সংস্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শৰ্মাই । বিশিষ্ট সাংবাদিক কনক হাজৰিকা,ভাস্কৰজ্যোতি মেধি,ক্ৰীড়া সংগঠক অশোক কুমাৰ বৰা,জীৱন ভৰালী,মানৱ জ্যোতি বৰাকে ধৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থকা সভাখনতে সংস্থাৰ পঞ্জীয়নৰ নৱীকৰণ,সংস্থাৰ সাংগঠনিক পুনঃগঠন,সংবিধান সংশোধনী আৰু নতুন ৰাজ্যিক সমিতি গঠন কৰাৰ বাবে সকলোৱে ঐক্যমত প্ৰকাশ কৰে। সভাৰ সিদ্ধান্ত অনুসৰি সংস্থাৰ পঞ্জীয়নৰ নৱীকৰণ কৰাৰ লগতে আগন্তুক ৪৪ সংখ্যক ৰাজ্যিক পাঞ্জা চেম্পিয়নশ্বিপ তথা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় কাম-কাজ ক্ষীপ্ৰ গতিত আৰম্ভ কৰিবলৈ ৰাজ্যিক নেতৃত্বক দায়িত্ব অৰ্পণ কৰা হয় ।এই সভাতেই ৰাজ্যিক সমিতিখন পুনৰ গঠনৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি অসম পাঞ্জা সংস্থাৰ অধ্যক্ষ হিচাপে মুনীন্দ্ৰ শইকীয়া,ৰাহুলদেৱ কলিতাক সভাপতি,দেৱজিৎ শৰ্মাকে পুনৰ সাধাৰণ সম্পাদক আৰু শান্তনু কুমাৰ দাসক কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে। তদুপৰি কনক হাজৰিকা,জীৱন ভৰালী আৰু অশোক কুমাৰ বৰাক নগাঁও জিলাৰ পৰা ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: