অনুৰাগ শইকীয়া আৰু দীপাক্ষি কলিতাৰ পিছতেই পঞ্চায়তৰ জৰিয়তে উজ্বলিল অসমৰ ৰাজীৱ ৰাগে

1 min read

ডাউনত আমাজন প্ৰাইমৰ জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তে মানুহক যথেষ্ট মনোৰঞ্জন দিছিল।জীতেন্দ্ৰ কুমাৰ,নীনা গুপ্তা আৰু ৰঘুবীৰ যাদৱ অভিনীত পঞ্চায়তে মানুহক কঠিন সময়তো এক পৃথক ৰস দিবলৈ সক্ষম হৈছিল।সেইবাবে দ্বিতীয় ছিজনৰ বাবে যথেষ্ট আগ্ৰহেৰে অপেক্ষা কৰি আছিল চলচ্চিত্ৰ প্ৰেমী সকলে। সেয়েহে এই চুপাৰহিট ৱেবছিৰিজৰ দ্বিতীয় চিজনৰ মুক্তিৰ লগে লগে সৰ্বত্ৰে লাভ কৰিছে যথেষ্ট চৰ্চা।

ফটো:অনুৰাগ শইকীয়া ।

সমান্তৰাল ভাৱে পঞ্চায়তে অসমলৈ লৈ আহিছে এক সুখৰ বাৰ্তা।এই ৱেবছিৰিজ খনৰ সংগীত পৰিচালনা কৰিছে অসমৰ জনপ্ৰিয় সংগীত পৰিচালক অনুৰাগ শইকীয়াই।তদুপৰি চলচ্চিত্ৰখনৰ জনপ্ৰিয় আইটেম চং ‘পেৰাচিতামল’ নামৰ গীতটিত কণ্ঠ নিগৰাইছে গুৱাহাটীৰ দীপাক্ষি কলিতাই।আকৌ উক্ত গানটোতেই নৃত্য কৰিছে অসমৰ জনপ্ৰিয় ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ ৰাজীৱ ৰাগে।ইনষ্টাগ্ৰামৰ এটা জনপ্ৰিয় নাম ৰাজীৱ ৰাগে নিজৰ একক অভিনয়ৰ বাবে প্ৰায়ে চৰ্চাত থাকে।তেওঁ বলিউডৰ লগতে বিভিন্ন অসমীয়া গানত ল’ৰা আৰু ছোৱালীৰ দ্বৈত চৰিত্ৰত অভিনয় কৰি যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।

ফটো:দীপাক্ষি কলিতা ।

পঞ্চায়তত কাম কৰাৰ সৌভাগ্য লাভ কৰাৰ বাবে তেওঁ ফেচবুকৰ মাধ্যমেৰে নিজৰ মনৰ কথা অনুৰাগীক জনাইছিল,”আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে অলপমানকে হলেও ৰাষ্ট্ৰীয়ভাৱে প্ৰচাৰিত হোৱা আমাজন প্ৰাইমৰ পঞ্চায়ত ৱেবছিৰিজৰ আইটেম চঙটোত মই ভুমুকি মাৰিবলৈ সুবিধা পাইছো।আশীৰ্বাদ কৰিব যাতে আৰু আগুৱাই যাব পাৰো।হয়তো বহুতে জানে তথাপিও অতি গৌৰৱেৰে জনাওঁ যে খনত পঞ্চায়তত সংগীত কৰিছে আমাৰ সকলোৰে মৰমৰ অনুৰাগ শইকীয়া দাদাই।”

You May Also Like

More From Author